নগাঁও, ৩০ নৱেম্বৰঃ শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন / ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..দেওবাৰে ৰাস পূৰ্ণিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰী কৃষ্ণৰ প্ৰেম তথা ভক্তি ৰসৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা কেলি গোপাল অংকীয়া ভাওনা সমগ্ৰ অসমতে আজি অভিনীত হয়। গুৰুজনাৰ এই অন্যবদ্য সৃষ্টি কেলী গোপালত মথুৰাৰ গোপী সকলে বৃন্দাবনত শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰি শ্ৰীকৃষ্ণৰ ভক্তিপূৰ্ণ প্ৰেম ৰসত বিলীন হৈ যোৱাৰ কাহিনী উল্লেখ আছে । গুৰুজনাৰ এই সৃষ্টি কেলি গোপাল নাট সম্ভবতঃ পাঁচশ বছৰ ধৰি অসমত অভিনীত হৈ আহিছে । কিন্তু সময় অতিক্ৰম কৰাৰ পিচতো সম্প্ৰতি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো অসমৰ প্ৰায় সকলো স্থানতে এই নাট ভক্তি ভাবৰে মঞ্চস্থ কৰা হয়।বৃন্দাবনত শ্ৰী কৃষ্ণৰ বাঁহীৰ মাত শুনি আজিও আপ্লুত হয় গোপী সকল । গুৰুজনাৰ এই নাটকৰ আকৰ্ষণে শিশু, ডেকাৰ পৰা ধৰি বৃদ্ধলৈকে মতলীয়া কৰে। সেয়ে ২০০ বছৰ গৰকা কুজীঁডাহ যুৰীয়া নামঘৰৰ ৯৬ বছৰীয়া ঐতিহ্যমণ্ডিত ৰাস উৎসৱত দেওবাৰে দেখা গ’ল ৭০ বছৰীয়া বৃদ্ধৰ পৰা শিশুলৈকে অংশগ্ৰহণ কৰাৰ বিৰল দৃশ্য। উল্লেখযোগ্য যে কভিড প্ৰটকল মানি উদযাপন কৰা এই ৰাস উৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকী গোপীয়ে বিগত ৭ দশক ধৰি ৰাস নৃত্য কৰি আহিছে। সত্ৰীয়া সংস্কৃতিৰ বহু কেইজন ওজা শিল্পীৰ জন্মস্থান কুজীঁডাহত দেওবাৰে ৰাস নৃত্যত প্ৰতিকী অৰ্থত কভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা কৰা পৰিলক্ষিত হয়। পি পি ই কীট পিন্ধি, নাৰ্চৰ বেশভূষাৰে গোপী নৃত্যত অংশগ্ৰহণ কৰি বহু কেইজনে অতিমাৰী কভিড-১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সজাগতাই যে মূল মন্ত্ৰ এই সম্পৰ্কত ৰাইজক প্ৰতীকি ভাবে বুজোৱাৰ চেষ্টা কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা
- দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন
- আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…
- বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…
- সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…