জামুগুৰিহাট, ৩০নৱেম্বৰ : শৰতৰ বিতোপন নিশা চন্দ্ৰমাৰ পোহৰত উদ্ভাষিত মায়াময় পৰিৱেশত কালি উদযাপন হ’ল জামুগুৰিহাটৰ থেকেৰাগুৰিৰ ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ । ১৯৫৭চনৰ পৰাই ৰাস পূৰ্ণিমাৰ দিনা অবিৰত ভাৱে উদযাপন কৰি অহা এই ৰাস মহোৎসৱ এইবেলি কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদযাপন সমিতিয়ে কভি’ড প্ৰটকল মানি এদনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰে। বাসুদেৱ থানৰ ৰাস মহোৎসৱ উপলক্ষ্যে পুৱাৰ পৰাই ভক্তিৰসৰে অঞ্চলটো মুখৰিত হৈ পৰাৰ লগতে এক উদুলিমুদুলি পৰিবেশো বিৰাজ কৰে মহোৎসৱ স্থালীত। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ থেকেৰাগুৰিৰ আম, জামৰে পৰিবেষ্টিত পৰিবেশত নিশা চন্দ্ৰমাৰ পোহৰ আৰু ৰং বিৰংৰ লাইটৰ সমাহাৰে সৃষ্টি কৰা মায়াবী পৰিৱেশত শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য, গোপীৰ প্ৰাণচঞ্চলা নাচে উপস্থিত সকলোৱে আকৰ্ষিত কৰে। প্ৰতিবছৰে দুদিনীয়া কাৰ্য্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হয় যদিও এইবেলি এদিনীয়া কাৰ্য্যসূচীৰে সামৰণি পৰা এই ৰাস মহোৎসৱে এইবেলি ৬৪ সংখ্যক বৰ্ষত ভৰি দিলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…
- বিপিএফৰ ১৭ বছৰীয়া ক’লা শাসনৰ কাৰণে কোকৰাঝাৰখন পিছ পৰি ৰৈছেঃ মন্ত্ৰী পীয়ূষ হাজৰীকা…