সাৱধান! গৰম পানীৰে চুলি ধুলে বহু সমস্যা হ’ব পাৰে…

শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ মানুহে গৰম পানীৰে গা ধুৱে। গৰম পানাৰে গা ধুলে দিনটোৰ ভাগৰ দূৰ হয় আৰু লগতে টোপনিও ভাল হয়। শীতকালত গৰম পানীৰে মানুহে চুলিও ধুৱে। ইয়াৰ ফলত আপোনাৰ চুলিৰ ক্ষতিও হ’ব পাৰে। গৰম পানীৰে গা ধুলে বহুত সকাহ পোৱা যায় যদিও চুলি ক্ষতি হ’ব পাৰে। আপোনাৰ চুলি বহু পৰিমাণে দুৰ্বল হৈ পৰে। জানি লওক গৰম পানীৰে চুলি ধুলে কি কি সমস্য়া হয়-

শ্বেম্পু কৰাৰ সময়ত গৰম পানী ব্যৱহাৰ কৰিলে চুলি বহুত ভাঙি যায়। ই চুলিৰ পৰা আৰ্দ্ৰতা চিৰদিনৰ বাবে আঁতৰাই পেলায়। আপোনাৰ চুলিবোৰো বৰ শুকান হ’বলৈ আৰম্ভ কৰে।

গৰম পানীৰে চুলি ধুলে চুলি পোৰাৰ লগতে চুলি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। কেৱল কুহুমীয়া পানীৰে চুলি ধুব লাগে।

প্ৰতিদিনে গৰম পানীৰে চুলি ধুলে চুলি শুকান হ’বলৈ আৰম্ভ কৰে আৰু ক্ৰমান্বয়ে প্ৰাণহীন হৈ পৰে। চুলি সৰা সমস্যাৰ সৃষ্টি হয়।

গৰম পানী ব্যৱহাৰ কৰিলেও মূৰৰ ছালৰ যথেষ্ট ক্ষতি হয়। আপুনি বিৰক্তি, উফি আৰু ৰঙা পৰাৰ দৰে সমস্যা দেখিব পাৰে। সেয়েহে সদায় ঠাণ্ডা পানীৰে চুলি ধুব লাগে।


Related Articles