সফল ভাৱে সামৰণি পৰিল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ,খকন্দগুৰি প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী উৎসৱৰ আৰম্ভণি অনুষ্ঠান। ২০ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণালী জয়ন্তী উৎসৱৰ বাকৰিত মুখৰিত হ’ল বৰ অসমৰ কৃষ্টি-সংষ্কৃতি। প্ৰথম দিনটোত পুৱাই পঞ্চাশ খন পতাকা উত্তোলনেৰে আৰম্ভ হয় উৎসৱৰ অনুষ্ঠান। সমাজকৰ্মী লক্ষেশ্বৰ বৰুৱাই আগবঢ়োৱা খকন্দগুৰি প্ৰাথমিক শাখাৰ নামঘৰৰ মূল তোৰণ আৰু শিক্ষাবিদ যজ্ঞেশ্বৰ ভূঞাৰ সোঁৱৰণত নিৰ্মাণ হ’ব লগীয়া সোণালী জয়ন্তীৰ স্মৃতিসৌধৰ কৰা হয় আধাৰশিলা । উজ্জ্বল বৰুৱা আৰু শঙ্কৰী সংস্কৃতিৰ সাধক পৱিত্ৰ প্ৰাণ বৰাই আধাৰশিলা স্থাপন কৰাৰ পিছত ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে নামঘৰীয়া ফনীধৰ বৰাই । প্ৰাথমিক শাখাৰ যুৱকসকলে নিৰ্মাণ কৰা আটকধুনীয়া সুউচ্চ তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ কুমাৰ বৰাই ।
ব্ৰহ্মপুত্ৰ শঙ্কৰদেৱ শিশু নিকেতনৰ পঞ্চাশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৰগীত পৰিবেশনেৰে মঞ্চ শুভাৰম্ভনি কৰাৰ পিছতে সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াই । বিয়লি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই উদ্বোধন কৰা বৰগীত, শঙ্কৰী নৃত্য আৰু ভাওনাৰ সংলাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক প্ৰতিযোগীয়ে। দ্বিতীয় দিনা অনুষ্ঠিত হয় জী- জোঁৱাই সন্মিলন । খকন্দগুৰি প্ৰাথমিক শাখাৰ পৰা বিয়া হৈ যোৱা জীয়ৰী আৰু জোঁৱাই সকলক একগোট কৰি অনুষ্ঠিত জী-জোঁৱাই সন্মিলনৰ আঁট ধৰে জেষ্ঠ সাংবাদিক চক্ৰপাণি পৰাশৰে । ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ সচিব ম: চাহাবুদ্দিন আহমেদে উদ্বোধন কৰা সন্মিলনখনিত জী-জোঁৱাই সকলে অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ পাই আৱেগিক হৈ পৰে । আনহাতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই জী-জোঁৱাই সন্মিলনত উপস্থিত হৈ আগতে এনে ব্যতিক্ৰমী আয়োজন কেতিয়াও দেখিবলৈ পোৱা নাই বুলি উল্লেখ কৰে । উদ্যোক্তাসকলৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে নামঘৰটিৰ আন্ত:গাঁঠনিৰ বাবে সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি পূৰণ কৰে । বিয়লি পদ্মধৰ বৰাই উদ্বোধন কৰা বিয়ানাম আৰু নিচুকনি গীতৰ প্ৰতিযোগিতাৰ পিছত সন্ধ্যা অনুষ্ঠিত হয় স্বৰ্ণিল সময়ৰ বৰ্ণিল গাঁঠা শীৰ্ষক বিশেষ অনুষ্ঠানৰ । অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ,গোলাঘাট জিলা শাখাৰ সভাপতি চন্দ্ৰ হাজৰিকা,সম্পাদক পৱিত্ৰ নাথৰ লগতে কেইবাখনো আঞ্চলিক শাখাৰ সভাপতি,সম্পাদক আৰু বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।
অসম ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী মন্টু গোঁহাই আৰু যতীন বৰাই দিহানাম পৰিৱেশন কৰাৰ উপৰিও শঙ্কৰী সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শিত হয় । দুয়োটা দিনতে অনুষ্ঠিত বিভিন্ন আকৰ্ষণীয় কাৰ্যক্ৰমনিকাই আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটিত । সোণালী জয়ন্তী আৰম্ভণি অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জনাইছে আদৰণী সমিতিয়ে । চলিত বৰ্ষৰ শেষৰ ভাগত বৃহৎ কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত হ’বলগীয়া সামৰণি উৎসৱত সকলোৰে সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাসকলে।

