প্ৰেছ বিবৃতি
অসম তৃণমূল কংগ্ৰেছ
জনতাৰ মাজত বিৰোধীৰ প্ৰতি আস্থা দেখি ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই
ৰাহুল গান্ধীৰ “ভাৰত জোড়ো ন্যায় যাত্ৰা”ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটীৰ মাজেৰে যাবলৈ নিদিয়াতো অগণতান্ত্ৰিক- ৰিপুণ বৰা
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিষ্ট কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম তৃণমূল কংগ্ৰেছে
ৰাহুল গান্ধীৰ” ভাৰত জড়ো ন্যায় যাত্ৰা” ক গুৱাহাটীৰ মাজেৰে প্ৰৱেশত বাধা দিবলৈ পুৱাৰে পৰা চৰকাৰে ব্যাপকভাৱে আৰক্ষী মোতায়েন কৰা কাৰ্য্যক অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই একনায়ত্ববাদী, স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক বুলি আখ্যা দিছে। বৰাই সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, “যদি নাড্ডাই মহানগৰৰ মাজেৰে সাধাৰণ জনতাক অশান্তি কৰি ৰেলী কৰিব পাৰে, তেন্তে ৰাহুল গান্ধীয়ে ন্যায়ৰ বাবে কৰা এই যাত্ৰা কিয় কৰিব নোৱাৰে? বিজেপিয়ে অসমত এক অঘোষিত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে। বিৰোধীৰ উত্থানত নিজৰ গাদী হেৰুৱাৰ ভয়ত নিজৰ মানসিক ভাৰসাম্য হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই।

আজি মহানগৰত এই যাত্ৰালৈ অহা জনতাৰ ওপৰত আৰক্ষীয়ে লাঠি চলাইছে, এয়া কাৰ নিৰ্দেশত হৈছে? মুঠতে শাসনাধীন চৰকাৰে নিজৰ মইমতালিৰে হিটলাৰী শাসন চলাইছে। এটা ৰাজনৈতিক দলৰ শোভাযাত্ৰাক বাধা দিবলৈ হিমন্ত বিশ্ব শৰ্মাই কিদৰে উঠি পৰি লাগিছে সেয়া সকলোৰে জ্ঞাত আৰু সঠিক সময়ত হিমন্ত বিশ্বক উচিত প্ৰত্যুত্তৰ দিব অসমবাসীয়ে।
বৰাই ক্ষোভ প্ৰকাশ কয় যে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক জামুগুৰি হাটত কৰা আক্ৰমণ সন্দৰ্ভত আজিও নিৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগতে আজি মহানগৰীত যাত্ৰাৰ সময়ত পুনৰবাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰক্ষীৰ দ্বাৰা আক্ৰমণ কৰা কাৰ্য্য সম্পূৰ্ণৰূপে নিন্দনীয়।

সনাতন ধৰ্মৰ কথা কোৱা বিজেপিয়ে জনতাৰ মাজত আসুৰিক সন্ত্ৰাস চলাইছে। নিৰীহ মানুহক আক্ৰমণ কৰি নিজৰ গুণ্ডাগিৰি আৰু শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে হিমন্তই। এয়া বিজেপিৰ পতনৰ আৰম্ভণি।ভয়াতুৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী। এয়া ৰাজনীতিৰ নামত বিজেপি দলৰ চৰম অভদ্ৰামি, জংঘলৰাজ। এয়া দেশৰ শান্তি, প্ৰশাসন আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি অশুভ লক্ষণ।
উল্লেখ্য যে, আজিৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীত অসম তৃণমূল কংগ্ৰেছ দলৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে। আৰক্ষীৰ দ্বাৰা হোৱা নিৰ্মম অত্যাচাৰৰ ফলত কেইবাগৰাকীও তৃণমূল কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হয়।
অৰূপজ্যোতি ভূঞা
সাধাৰণ সম্পাদক (সংগঠন)
অসম তৃণমূল কংগ্ৰেছ

