বিগ বছ ছিজন ১৩ৰ পৰা খ্যাতি অৰ্জন কৰা শ্বেহনাজ গিলে আজি ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে। বিগ বছ ছিজন ১৩ৰ আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগী তথা অভিনেত্ৰী শ্বেহনাজ গিলক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই। বিগ বছৰ সেই এটা ছিজনে এসময়ত বিতৰ্কিত অভিনেত্ৰী আৰু গায়িকা শ্বেহনাজ গিলৰ সমগ্ৰ জীৱন সলনি কৰি পেলালে। বিগ বছৰ পিছতহে শ্বেহনাজ গিলে ছলমান খানৰ সৈতে প্ৰথমখন ছবিত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল।
শ্বেহনাজ গিল স্কুলীয়া দিনৰে পৰা মডেলিংৰ প্ৰতি আকৰ্ষিত আছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি শ্বেহনাজে বি.কমত নামভৰ্তি কৰিছিল যদিও কলেজৰ পঢ়া-শুনা মাজ বাটত এৰি মডেলিং কৰিবলৈ লয়।
শ্বেহনাজ গিলে (বিগ বছ) ঘৰৰ পৰা ওলাই আহি সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশ লৈছিল। য’ৰ পৰাই তেওঁ এটা মিউজিক ভিডিঅ’ত কাম পাইছিল। ইয়াৰ পিছত শ্বেহনাজক মাঝে দি জাট্টি, পিণ্ড দিয়ান কুডিয়ান, বেবী ৰিফিক্স আদি বহু মিউজিক ভিডিঅ’ত দেখা গৈছিল। ইয়াৰ পিছত শ্বেহনাজে সত শ্ৰী অকল, কলা-শা-কলা আৰু ঢাকা আদি ছবিত অভিনয় কৰে। তাৰ পিছত গায়িকা হিমাংশী খুৰানাৰ সৈতে হোৱা কাজিয়াৰ বাবে শ্বেহনাজ গিলে লাইমলাইট লাভ কৰে আৰু তেওঁ বিগ বছৰ ছিজন ১৩ৰ অংশ হৈ পৰে। বিগ বছ ১৩ত শ্বেহনাজ গিলে নিজকে পঞ্জাৱৰ কেটৰিনা কাইফ বুলি পৰিচয় দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

