৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন…

অহা ৩১ জানুৱাৰী, ১,২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন। অধিৱেশনক লৈ ব্যস্ত সকলো। বাৰপূজীয়া পাঁজোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি। আদৰণি সমিতিয়ে জানিব দিয়া মতে একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল সভা মণ্ডপ। একেলগে পোন্ধৰ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয় গৃহ। অসমৰ বিভিন্ন সংস্কৃতিৰ প্ৰয়োভৰে নিৰ্মাণ কৰা হৈছে বৃহত আকাৰৰ মূল প্ৰৱেশদ্বাৰ।

লগতে আছে বৃহত এলেকাজোৰা বাণিজ্য মেলা। মুঠতে যুদ্ধকালীন তৎপৰতাৰে পূৰ্ণ প্ৰস্তুতি চলিছে সাহিত্য সভাৰ। বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানত অসম সাহিত্য সভাই আহ্বান কৰা সাহিত্য সভাক সফল কৰি তুলিবলৈ আদৰণি সমিতিয়ে গঠন কৰিছে ৩৪ খন উপসমিতি। দিনে-নিশাই ব্যস্ত হৈ পৰিছে আদৰণি সমিতিৰ বিষয় ববীয়া আৰু স্থানীয় ৰাইজ।

Related Articles