বলীউড বনাম দক্ষিণৰ ছবিৰ বিতৰ্কক লৈ অমিতাভ বচ্চনে কি ক’লে?

বিগত কেইবছৰমানৰ পৰা হিন্দী বনাম দাক্ষিণাত্যৰ চলচ্চিত্ৰ বিতৰ্কক লৈ বিভিন্ন মতামত ওলাই আহিছে। এইবাৰ অমিতাভ বচ্চনে নিজেই এই প্ৰসংগত নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। শনিবাৰে পুনেৰ এখন বিশ্ববিদ্যালয়ে আয়োজন কৰা এখন চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। বিগ বিয়ে তাত চিনেমা জগতখনৰ কথা কয়। সাধাৰণতে বহুতে বিশ্বাস কৰে যে চিনেমাই সামাজিক জীৱনৰ মূল্যবোধক প্ৰভাৱিত কৰে। কিন্তু অমিতাভ নিজেই এটা বেলেগ ধাৰণাত বিশ্বাস কৰে।

অমিতাভৰ সৈতে জয়াও এই মহোৎসৱত উপস্থিত আছিল। পত্নী জয়া বচ্চনৰ উদাহৰণ দি তেওঁ কয়, “এফ টি আই আইৰ প্ৰাক্তন ছাত্ৰী হিচাপে জয়াই বিশ্বাস কৰে যে চিনেমাৰ কাহিনী আমাৰ সমাজৰ পৰাই উদ্ভৱ হয়। ” অমিতাভে কয় যে তেওঁৰ জীৱনকালত তেওঁৰ পিতৃ কবি হৰিবংশ ৰায় বচ্চনে প্ৰতিদিনে একেখন ছবি চাইছিল। অমিতাভৰ মতে, “প্ৰতিদিনে সন্ধিয়া পিতৃয়ে একেখন ছবি টিভি বা কেছেটত চাইছিল। মই তেওঁক সেই একেখন ছবি দেখাৰ কাৰণ সুধিলোঁ। তাৰ পাছত তেওঁ ক’লে, ‘মই তিনি ঘন্টাত Poetic Justice (ideal justice) দেখিছোঁ। বাস্তৱত সেয়া সম্ভৱ নহয়।’ চিনেমাই আমাক সেইটোৱেই শিকাই।”

ভাষণত অমিতাভে দক্ষিণৰ ছবিৰ প্ৰশংসা কৰে। কিন্তু দক্ষিণৰ উদ্যোগটোৱে বলীউডতকৈ উন্নত ছবি নিৰ্মাণ কৰা বুলি সম্পূৰ্ণৰূপে মানি ল’বলৈ অস্বীকাৰ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। অমিতাভে যুক্তি দিছিল, “আঞ্চলিক উদ্যোগত বহুত ভাল ছবি নিৰ্মাণ হৈ আছে। কিন্তু তেওঁলোকৰ লগত কথা পতাৰ পৰাই বুজিলোঁ যে তেওঁলোকে হিন্দী ছবিৰ কাহিনীটো নতুন টুইষ্টত উপস্থাপন কৰিছে।

এই বিষয়ে কওঁতে অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ ছুপাৰহিট ছবি ‘দীৱাৰ’, ‘শোলে’ বা ‘শক্তি’ই বহু দক্ষিণৰ ছবি নিৰ্মাণৰ আঁৰত প্ৰেৰণা হিচাপে কাম কৰি আহিছে। বিগ বিয়ে মালয়ালম আৰু তামিল উদ্যোগৰ মৌলিক ছবিৰ মানদণ্ডৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও অমিতাভে চলচ্চিত্ৰ জগতত কৃত্ৰিম বুদ্ধিমত্তাক লৈ হোৱা বিতৰ্কৰ বিষয়েও আলোচনা কৰে। তেওঁ হলিউডৰ ক্ৰুৱে ‘এআই’ৰ বিৰুদ্ধে কৰা ধৰ্মঘটৰ বিষয়টোও উত্থাপন কৰে। অমিতাভৰ আশংকা, “অদূৰ ভৱিষ্যতে সেই দিন আহিব পাৰে, যেতিয়া মোৰ সলনি মোৰ এআইক মাতিব!”

Related Articles