১০৩ বছৰীয়া বৃদ্ধই বিয়া পাতিলে ৪৯ বছৰীয়া মহিলাক…

ভূপালত এক অনন্য বিবাহ অনুষ্ঠিত হৈছে। যি খন বিয়াৰ খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। দৰা আৰু দৰা সন্মত হ’লে কাজীয়ে কি কৰিব? এই প্ৰবাদক সত্য প্ৰাণিত কৰিলে এগৰাকী ১০৩ বছৰীয়া বৃদ্ধই। এই বিয়া খনকলৈ চৰ্চাৰ মূল কাৰণটো হৈছে দৰাৰ বয়স ১০৩ বছৰ আৰু কইনাৰ বয়স ৪৯ বছৰ। বিয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। স্বাধীনতা সংগ্ৰামী হাবিব নাজাৰৰ বয়স ১০৩ বছৰ আৰু তেওঁ ভূপালত বাস কৰে। তেওঁ ৪৯ বছৰীয়া ফিৰোজ জাহানক বিয়া কৰায়। হাবিব নাজাৰৰ এয়া তৃতীয় বিবাহ। হাবিবৰ কইনা ফিৰোজ জাহানেও এজন নতুন জীৱন সঙ্গী বিচাৰি পালে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ জাহানে অকলে বাস কৰিছিল। ফিৰোজৰ মতে, তেওঁ এই বিবাহৰ বাবেও সন্মত হৈছিল, কিয়নো হাবিবৰ যত্ন ল’বলৈ কোনো নাই।

বিয়াৰ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে হাবিব নাজাৰ এখন অটোত বহি আছে আৰু বিয়াৰ পিছত সেই অটোত তুলিয়েই কইনাক নিজৰ ঘৰলৈ নিছে। মানুহে তেওঁক অভিনন্দন জনোৱা দেখা গৈছে। হাবিবেও হাঁহি হাঁহি সকলোকে ধন্যবাদ জনাইছে। কিন্তু বিবাহৰ এই ঘটনাটো ডেৰ বছৰ পুৰণি বুলি বহুতে কৈছে। ইয়াৰ ভিডিঅ’ আজিহে ভাইৰেল হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে। বিবাহক বয়সৰ সৈতে সম্পৰ্কিত নকৰি হাবিবে কয় যে এয়া হৃদয়ৰ বিষয়, হৃদয়ত আবেগ থাকিব লাগে। হাবিবৰ সম্পৰ্কীয় আমিৰ খানে কয় যে বহাবিবৰ দুয়োগৰাকী পত্নীৰে মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ কোনো সন্তান নাই । তেওঁৰ যত্ন ল’বলৈ কোনো নাছিল। বিবাহখন সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্পন্ন হৈছিল। প্ৰথমে, ফিৰাজ জাহানে বিবাহৰ বাবে অস্বীকাৰ কৰিছিল, কিন্তু পিছত তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল।

Related Articles