চুম্বনৰ দৃশ্যক লৈ বিতৰ্কত ফাইটাৰ, ছবিখনলৈ প্ৰেৰণ কৰিছে আইনী জাননী…

হৃতিক ৰোশন আৰু দীপিকা পাডুকনে অভিনীত ছবি ‘ফাইটাৰ’ৰ চুম্বনৰ দৃশ্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ছবিখনৰ নিৰ্মাতাসকলে লাভ কৰিছে আইনী জাননী। হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ ছবি ‘ফাইটাৰ’ৰ চুমা দৃশ্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অসমত পোষ্ট কৰা উইং কমাণ্ডাৰ সৌম্যদীপ দাসে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ছবিখনলৈ আইনী জাননী প্ৰেৰণ কৰিছে। মানহানিৰ গোচৰো দাখিল কৰিছে। উইং কমাণ্ডাৰে কয় যে ছবিখনত নিৰ্মাতাসকলে বায়ুসেনাক ভুল ধৰণে উপস্থাপন কৰিছে। ভাৰতীয় বায়ুসেনাৰ ইউনিফৰ্ম পিন্ধি হৃতিক ৰোশন আৰু দীপিকা পাডুকনক চুমা খাই থকা দেখা গৈছে, যাৰ ফলত বায়ুসেনাৰ সৈতে জড়িত লোকৰ আৱেগক আঘাত হনাৰ অভিযোগ।

এই আইনী জাননীত কোৱা হৈছে যে বায়ুসেনাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি তাত এনে দৃশ্য অন্তৰ্ভুক্ত কৰাটো সম্পূৰ্ণ ভুল। জাতিৰ প্ৰতীক হোৱা ইউনিফৰ্মখনক ‘ফাইটাৰ’ত চুমা খোৱাৰ দৃশ্য দেখুৱাই ভুলকৈ উপস্থাপন কৰা হৈছে। অভিযোগকাৰীয়ে ক্ষতিপূৰণ আৰু ক্ষমা বিচাৰিছে।



Related Articles