প্ৰতি বছৰে ভেলেণ্টাইন সপ্তাহত ৯ ফেব্ৰুৱাৰী তাৰিখটো ‘চকলেট ডে’ হিচাপে পালন কৰা হয়। চকলেট প্ৰেমীৰ বাবে এই দিনটো অতি বিশেষ। মানুহে আপোনজনক চকলেট উপহাৰ হিচাপে দিয়ে। যদিও বলীউডৰ তাৰকাসকল নিজৰ ফিটনেছৰ প্ৰতি অতি সচেতন, কিন্তু চকলেটৰ খাদ্য সামগ্ৰী ভালপোৱা বহু তাৰকা আছে। আলিয়া ভাটে প্ৰায়ে নিজৰ খাদ্যৰ কথা কয়। আলিয়াই প্ৰায়ে ইনষ্টাগ্ৰামত নিজৰ ৰন্ধা-বঢ়া আৰু খোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰে। এবাৰ ইনষ্টাগ্ৰামত প্ৰশ্নোত্তৰৰ সময়ত আলিয়া ভাটে আলু আৰু চকলেট তেওঁৰ প্ৰিয় বুলি প্ৰকাশ কৰিছিল।
ৰণবীৰ সিং যে চকলেটক লৈ পাগল সেয়া প্ৰায়লোকেই জানে। ৰণবীৰ সিঙে চকলেট স্প্ৰেড খাই ভাল পায়। ৰণবীৰৰ ইনষ্টাগ্ৰাম ফিডত গ’লে দেখিব যে অভিনেতাজনে নুটেলাক বহুত ভালপায়। ছাৰা আলীয়ে যেনেকৈ ভ্ৰমণ কৰি ভাল পায়, ঠিক তেনেকৈ চকলেট খাবইও ভাল পায়। নিজকে ফিট কৰি ৰখা আৰু স্বাস্থ্যসন্মত খাদ্য খোৱাৰ লগতে বহুত চকলেট খায়। তেওঁৰ ইনষ্টাগ্ৰাম পোষ্ট আৰু ষ্ট’ৰীয়ে দেখুৱাইছে যে তেওঁ কিমান চকলেট প্ৰেমী। ছাৰাৰ প্ৰিয় ডাৰ্ক চকলেট। আনহাতে ডাৰ্ক চকলেটৰ অনুৰাগী দীপিকা পাডুকন। শেহতীয়াকৈ বলীউড বাবলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ চকলেট কেকৰ প্ৰতি থকা আকৰ্ষণৰ কথা কয়।

