মুখ্যমন্ত্রীক অংগবস্ত্র পিন্ধোৱা জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক অপসাৰণ

সাংসদ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ নেতা দাদু টায়েক গোলাঘাট জিলাৰ সভাপতি পদৰ পৰা অপসাৰণ। সৰুপথাৰৰ ৰজাপুখুৰী শ্যামগাঁৱৰ ভাস্কৰ শ্যামৰ ঘৰত মুখ্যমন্ত্ৰীক লগ কৰিছিল দাদু টায়ে!

দাদু টায়ে আলি-আঃয়ে-নৃগাঙৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীক অংগবস্ত্র পিন্ধাইছিল। পত্নীৰ চাকৰি সংক্ৰান্তীয় বিষয়ত এই সাক্ষাৎ বুলি জনাইছিল দাদুৱে!

দাদু টায়েৰ ব্যাখ্যাত সন্তুষ্ট নহৈ তৎকালে তেওঁক অপসাৰণ কৰে। উল্লেখ্য যে গোলাপ শইকীয়াক জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

অপসাৰিত দাদু টায়েলৈ কাৰণ দৰ্শোৱাৰ জাননী APCCৰ।

Related Articles