‘আশা কৰোঁ আপোনালোক মোৰ পৰিয়ালৰ সৈতে থাকিব’, ৰায়বৰেলীৰ লোকসকলৰ উদ্দেশ্যি ছোনিয়া গান্ধীৰ আৱেগিক পোষ্ট…

আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ এদিন পিছতে বৃহস্পতিবাৰে কংগ্ৰেছ সংসদীয় সমিতিৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে তেওঁৰ লোকসভা সমষ্টিৰ লোকসকলক সম্বোধন কৰি এখন আৱেগিক পত্ৰ লিখিছে। পত্ৰ খনত স্বাস্থ্যজনিত কাৰণত ৰায়বৰেলীৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ বিষয়ে ছোনিয়াই সমষ্টিটোৰ লোকসকলক অৱগত কৰিছে। পত্ৰখনত তেওঁ লিখিছে, “মই আজি যি হৈছো সেয়া আপোনালোকৰ বাবে… কিন্তু বাঢ়ি অহা বয়স আৰু স্বাস্থ্যৰ বাবে, মই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো।” তেওঁ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমষ্টিটোৰ লোকসকলৰ নিৰন্তৰ সমৰ্থনৰ বাবে ৰাইজক ধন্যবাদ জনাই তেওঁ লগতে কয়, “ৰায়বৰেলীত আমাৰ পৰিয়ালৰ শিপা অতি গভীৰ। মই ক’বলৈ পাই গৌৰৱান্বিত যে মই আজি যি হৈছো সেয়া , আপোনালোকৰ বাবেই হৈছো… মই জানো যে আপোনালোকে ভৱিষ্যতে মোৰ আৰু মোৰ পৰিয়ালৰ কাষত থিয় দিব, ঠিক অতীতত থিয় দিয়াৰ দৰেই।”

“এই সিদ্ধান্তৰ পিছত, মই আপোনাক পোনপটীয়াকৈ সেৱা কৰাৰ সুযোগ নাপাম, কিন্তু মোৰ হৃদয় আৰু আত্মা সদায় আপোনালোকৰ সৈতে থাকিব ’’ বুলিও ছোনিয়াই তেওঁৰ পত্ৰ খনত উল্লেখ কৰিছে। এক কৌশলগত পদক্ষেপ স্বৰূপে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে বুধবাৰে ৰাজস্থানৰ পৰা আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। যাৰ ফলত তেওঁৰ ৰাজনৈতিক যাত্ৰাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। দলৰ সাংসদ ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ৰাজ্যিক দলৰ সভাপতি গোবিন্দ সিং ডোটাছৰাকে ধৰি গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিসকলৰ উপস্থিতিত ছোনিয়া গান্ধীয়ে বুধবাৰে মনোনয়ন দাখিল কৰে। ছোনিয়া গান্ধীয়ে প্ৰায় ২২ বছৰ ধৰি কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ কাৰ্যকালত দলৰ ওপৰত এক অমলিন ছাপ ৰাখিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা লোকসভাৰ সাংসদ হিচাপে একেৰাহে পাঁচবাৰ বিজয়ী হোৱা ছোনিয়াই আৰু সমষ্টিটোৰ পৰা নিৰ্বাচন নেখেলে। এপ্ৰিল-মে’ত অনুষ্ঠিত হ’বলগীয়া আসন্ন লোকসভা নিৰ্বাচনৰ পটভূমিত ৰাজ্যসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ তেওঁৰ সিদ্ধান্তই গুৰুত্ব বহন কৰিছে।

Related Articles