নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মৰঙীয়াল গাঁও নিবাসী, শংকৰী কলা-কৃষ্টিৰ একনিষ্ঠ সাধক, বৰবায়ন তথা সমাজকৰ্মী খগেশ্বৰ ভূঞা (৮২)ৰ যোৱা নিশা বার্ধক্যজনিত কাৰণত নিজা বাসভৱনত দেহাৱসান ঘটে। দীৰ্ঘসময় ধৰি শংকৰী কলা-কৃষ্টিৰ অক্লান্ত সাধক হিচাপে নিষ্ঠাৰে সমাজলৈ সেৱা আগবঢ়াই অহা এই গৰাকী বৰবায়নে এসময়ত অংকীয়া ভাওনাৰ সূত্ৰধাৰ আৰু দক্ষ অভিনেতা হিচাপে সমাজত নিজৰ প্ৰতিভা জিলিকাই তুলিবলৈ সক্ষম হৈছিল। তেওঁ জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা গায়ন-বায়ন কৰ্মশালাত অংশগ্ৰহণ কৰি নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজি ধৰি ৰাখিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

কৰৈয়নী কলংপৰীয়া বাৰগঞা সমাজকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত বৰবায়ন ভূঞাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আজি পুৱা স্থানীয় ৰাইজে বৰবায়ন ভূঞাৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ লগতে তেওঁৰ মৃতদেহ লৈ গাঁৱত শোভাযাত্ৰা উলিয়াই মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত প্ৰয়াত ভূঞাই পত্নী, দুজন পুত্ৰ, তিনিগৰাকী জীয়ৰী, জোঁৱাই সহ অনেক আত্মীয়-স্ৰজনক ইহসংসাৰত এৰি থৈ যায়।

