কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নয়নজ্যোতি কলিতাৰ প্ৰথমখন কাব্যপুথি কটন বিশ্ববিদ্যালয়ৰ ৩১১ কক্ষত “Curse and bliss” উন্মোচন কৰা হয়। কটন বিশ্ববিদ্যালয়ৰেই নৃতত্ত্ব বিভাগৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ নয়নজ্যোতিয়ে ইংৰাজী ভাষাৰ প্ৰকাশ কৰা গ্ৰন্থখনৰ শুভ উদ্বোধনী অনুষ্ঠানটোৰ সঞ্চালনা কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ গৌতম শৰ্মাই। ৰজনীকান্ত বৰদলৈ (কছমʼপলিটান) ছাত্ৰাবাস-নলিনীবালা দেৱী ছাত্ৰীনিবাসৰ আবাসীৰ লগতে কটন বিশ্ববিদ্যালয় আছু গোটৰ সতীৰ্থৰ উপস্থিতিত কাব্যপুথিখন উন্মোচন কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপ আৰু সহকাৰী সাধাৰণ সম্পাদক ময়ুৰী বৰুৱাই।
অনুষ্ঠানত ন-কটনিয়ানয়ে কাব্যপুথিখনৰ কেবাটাও ইংৰাজী কবিতা পাঠ কৰে।অসমীয়া মাধ্যমৰ ছাত্ৰৰ এনে অনুপ্ৰেৰণাদায়ক কৃতিত্বক অনুষ্ঠানটোৰ সঞ্চালক কুলদীপ গৌতম শৰ্মাই প্ৰশংসা কৰি অসমীয়া মাধ্যমত অধ্যয়ন কৰিও ইংৰাজী বিষয়ত পুথি প্ৰকাশ কৰি নিজৰ প্ৰতিভা আৰু আত্মবিশ্বাসৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বুলি উল্লেখ কৰি এই প্ৰশংসনীয় প্ৰচেষ্টা সঁচাকৈয়ে আন ছাত্ৰ-ছাত্ৰীৰ বাবেও এক অনুপ্ৰেৰণা বুলি কয়। উল্লেখ্য যে কবিতা পুথিখন বিভিন্ন অনলাইন মাধ্যমত উপলব্ধ হৈছে।

