চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস, বীজ প্ৰদৰ্শনী আৰু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন…

ধেমাজি জিলাখনৰ ভিতৰতে বিজ্ঞান শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগতে মহাবিদ্যালয়খনৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে মহাবিদ্যালয়খনত অনুষ্ঠিত হয় ‘বীজ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা’। বিগত সময়চোৱাত একাধিক ব্যতিক্ৰমী কৰ্মসূচীৰে বহুল চৰ্চিত শিক্ষানুষ্ঠানখনৰ এই প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কৃষি বিজ্ঞানী ডঃ গুঞ্জন গগৈয়ে ।

পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নলিনী কুমাৰ দলেই । প্ৰদৰ্শনীত আয়োজক মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে নিকটৱৰ্তী বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰি গ্ৰামাঞ্চলত সহজলভ্য লাও, বিলাহী, বেঙেনা, কোমোৰা, উৰহি, ধান, মাহ আদি থলুৱা বিভিন্ন বীজৰ লগতে লুপ্তপ্ৰায় সহস্ৰাধিক প্ৰজাতিৰ বিভিন্ন বীজৰ প্ৰদৰ্শনী কৰে । বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপেন শইকীয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দিলীপ ঝা, ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত আদৰ্শ কৃষক ভবেন শালৈকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

Related Articles