‘মানুহ মানুহৰ বাবে¸ সমাজ সেৱাৰ এক অনন্য পদক্ষেপ’ শ্লোগান আৰু লক্ষ্য আগত ৰাখি হাউলীস্থিত কাৰ্যালয়ৰে পৰিচালিত। হেল্প ফাউণ্ডেশ্বনৰ উদ্যোগত ভৈৰাগুৰীত বিধৱা মহিলাক সাহাৰ্য প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে । ভৈৰাগুৰীৰ বিধৱা তথা অতিকৈ দৰিদ্ৰতাৰ সৈতে জীৱন যাপন কৰা চাৰিগৰাকী জীয়ৰীৰ মাতৃ জায়দা বেগম নামৰ এগৰাকী মহিলাক হেল্প ফাউণ্ডেশ্বনে বিভিন্ন সামগ্ৰীৰে পৰিপূৰ্ণ এখনি দোকান সজাই পৰাই আজি হস্তান্তৰ কৰে । তদুপলক্ষে আয়োজিত অনুষ্ঠানত জায়দা বেগমৰ পৰিয়ালৰ সুখ শান্তি আৰু বিশ্ব শান্তি বাবে মোনাজাতৰ পিছত ফিতা কাটি দোকান খনৰ শুভ উদ্বোধন কৰে হেল্প ফাউণ্ডেশ্বনৰ উপদেষ্টা মহম্মহ হাছান শ্বহিদে।
হেল্প ফাউণ্ডেশ্বনৰ সভাপতি তথা আমছুৰ বৰপেটা জিলাৰ সভাপতি আব্দুল জুব্বাৰ আলী¸ যুটীয়া সম্পাদক মোস্তাফা বাহাৰুল হক আৰু ছাহেদ আলী আহমেদৰ উদ্যোগত আয়োজিত দোকান খনৰ দ্বাৰ মুকলি অনুষ্ঠানত আমছুৰ বৰপেটা জিলাৰ সম্পাদক নজৰুল আলী আহমেদ¸ বৰপেটা জিলা আমছুৰ সহকাৰী সম্পাদক ক্ৰমে শাজিদ ইছলাম আৰু জুলফিকাৰ আলী আহমেদ¸ বৰপেটা জিলা আমছুৰ শিক্ষা সম্পাদক বুলবুল হুছেইন¸ স্থানীয় আমছুৰ কৰ্মী তথা বৰপেটা জিলাৰ প্ৰাক্তন উপ সভাপতি হুমায়ুন আলী, স্থানীয় ৰাইজৰ পৰা উপস্থিত থাকে বিকে এ এফ হাই স্কুলৰ প্ৰধান শিক্ষক জাকিৰ, হুছেইন, বাগোদী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জাহাঙ্গীৰ ৰহমান, ৰবিয়াল হুছেইন,ৰফিকুল ইছলাম দেৱান,আ:খালেক,জাহিদুল ইছলাম,মহিদুল ভূঞা,ছাদুল খান,আছুৰুদ্দিন দেৱান, আজিজুল হক¸ আব্দুল আলী ভূঞা,নজৰুল ইছলাম, ইলিম দেৱান,হাফিজ মনিৰুল ইছলাম ভূঞা,জাহান আলী,মহিদুল মিয়া ¸ মিৰজান মিয়া,আতোৱাৰ ৰহমানকে আদি কৰি শতাধিক গন্য মান্য ব্যক্তি উপস্থিত থাকে। হেল্প ফাউণ্ডেশ্বনে মহিলা গৰাকীক মানৱীয়তাৰ দৃষ্টিৰে কৰা সহায়ক সচেতন মহলে পঞ্চমুখে ভূয়সী প্ৰশংসা কৰিছে। হেল্প ফাউণ্ডশ্বনে আগন্তুক দিনত এনেকুৱা অৰ্ধ শতাধিক বিধৱা তথা দুখীয়া পৰিয়ালক জীৱিকা নিৰ্বাহ কৰিব পৰাকৈ দোকান খুলি দি সহায় কৰিব বুলি সংবাদমাধ্যমক জানিবলৈ ফাউণ্ডেশ্বনৰ সভাপতি আব্দুল জুব্বাৰ আলীয়ে।

