ডিৰাক সীমান্ত, ৮ ডিচেম্বৰ: অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ ১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত ডিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় মুকুটা দহোটীয়া সোঁৱৰণী “ডিৰাক ৰিজ’নেল কাপ-২০২০” ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আছে । আজি “ডিৰাক ৰিজ’নেল কাপ-২০২০” ৰ খেল ডিৰাক পাৱৈ এফ:চি: আৰু কচুডুপ বজালতলি এফ:চি: মাজত অনুষ্ঠিত হয় । কচুডুপ বজালতলি এফ:চি: দলে ডিৰাক পাৱৈ এফ:চি: দলক ২-০ গ’লত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । কচুডুপ বজালতলি এফ:চি: দলৰ হৈ খেলৰ প্রথমাৰ্ধৰ ৩০ মিনিটত পলাশ জ্যোতি মৰাণে আৰু দ্বিতীয়াৰ্ধৰ ৫ মিনিটত সুৰেল ঘাটোৱাৰে একোটাকৈ গ’ল দি দলক বিজয়ী সাব্যস্ত কৰে । খেল পৰিচালনা কৰে পাপু হাজৰিকাই, লাইনত সহায় কৰে টিক্ষেশ্বৰ চেতিয়া, বিপুল হাজৰিকা আৰু চতুৰ্থত সহায় কৰে প্ৰণৱ ফুকনে । বুধবাৰে খেল ডিৰাক আঞ্চলিক এফ:চি: আৰু পি:ৱাই:এফ:চি: মাজত অনুষ্ঠিত হ’ব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সোৱণশিৰি এফ পি অ’ৰ উদ্যোগত মিংমাঙত কৃষি গাহৰি মীন পালনৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা…
- জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইমছ গুৱাহাটীয়ে গ্ৰহণ কৰিছে কেইবাটাও কাৰ্যসূচী…
- গুৱাহাটীত এইম ডেঞ্চ একাডেমীৰ বঁটা বিতৰণী অনুষ্ঠানত হিন্দী চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী মন্দাকিনী…
- টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা ! দললৈ উভতিল ঋষভ পণ্ট…
- শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ মাজত বুজাবুজি চুক্তি…
- হোজাইৰ ৰায়কটা চন্দনপুৰত কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ…
- এফালে গৰম, আনফালে শিলাবৃষ্টি! আপোনাৰ অঞ্চলত বৰষুণ দিছে নে…
- T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা! কোনে-কোনে স্থান পালে দলত; কোন কোন বাদ পৰিল ভাৰতীয় দলৰ পৰা…
- পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আচৰিত ঘটনা কৰিলে নাবালিকাই…
- মুছলমানসকলেই আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰেঃ মোদীৰ মন্তব্যৰ উত্তৰ দি ক’লে আছাদুদ্দিন ওৱাইচিয়ে