‘ভূপেন বৰা অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ। ভূপেন বৰাৰ দৰে ব্যক্তি কংগ্ৰেছ দলত থকালৈকে কংগ্ৰেছ দল কেতিয়াও উদ্ধাৰ নহয়। তেওঁ চাৰ্কাছৰ মূল মানুহজন নহয়। তেওঁ চাৰ্কাছৰ এজন জকাৰহে।গৌৰৱ গগৈয়ে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব এতিয়ালৈকে তাকে ঠাৱৰ কৰিব পৰা নাই। সমষ্টি বিচাৰি য’ত ত’ত দৌৰি ফুৰিছে। কংগ্ৰেছত টিকট দিবৰ বাবে যোগ্য প্ৰাৰ্থী নাই বাবে এ আই ইউ ডি এফৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱালৈ অপেক্ষা কৰিছে। যাতে সেই দলৰ কাৰোবাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব পাৰি নেকি। কংগ্ৰেছকে মুখ্য কৰি ১৫ নে ১৬ টা দলৰ এটা আত্মসহায়ক গোট গঠন হৈছিল । কিন্তু সেই গোটটো ছেদেলি ভেদেলি হল। তেওঁ লোকে কি কৰিছে তেওঁলোকেহে জানে, তৃণমূল কংগ্ৰেছকো কটাক্ষ।’ এইদৰে কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
কা আন্দোলন কৰি একাংশই নিজৰ দোকান চলাই আছে। কা আন্দোলন কৰি অজিত ভূঞাৰ দৰে ব্যক্তি ৰাজ্যসভাৰ সাংসদ হ’ল বুলিও কয় মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিংত অসম চৰকাৰৰ পৰ্য্যটন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। বিকাশ যাত্ৰাৰ সৈতে সংগতি ৰাখি চাৰিখনকৈ বিদ্যালয়ৰ প্ৰস্তাৱিত প্ৰকল্পৰ শিলন্যাস কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাৰ মঞ্চৰ পৰাই ভাৰ্চুয়েলি প্ৰস্তাৱিত প্ৰকল্পৰ শিলন্যাস কৰে মন্ত্ৰীগৰাকীয়ে।

