বন্ধন গোটৰ লোণেৰে বিশ্বৰ শান্তিৰ বাবে চাৰিদিনীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান…

বন্ধন গোটৰ লোণেৰে বিশ্বৰ শান্তিৰ বাবে চাৰিদিনীয়া ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান। দেৰগাঁৱৰ উত্তৰ দলিজলীয়া গাঁৱৰ পৰশমণি দাসৰ মহৎ কৰ্ম। উত্তৰ দলিজলীয়া গাঁৱত দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ। হাজাৰ হাজাৰ ভক্তয়ে ভীৰ কৰিছে পৰশমনি দাসৰ গৃহত। ভক্তিৰসত বিলিন হৈছে ৰাইজ। হৰি নামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ।

দেৰগাঁওৰ উত্তৰ দলিজলীয়া গাঁৱত বিশ্বৰ শান্তিৰ বাবে অনুষ্ঠিত হৈছে চাৰিদিনীয়াকৈ ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান। এইবাৰ দ্বিতীয় বাৰলৈ উত্তৰ দলিজলীয়া গাঁৱৰ পৰশমনি দাসে নিজ গৃহত আয়োজন কৰিছে ভাগৱত পাঠ। তেওঁ বেটেৰি ৰিক্সা চলাই কষ্টৰে ঘটা পইচা এটকা এটকাকৈ জমা কৰি বন্ধন গোটৰ পৰা ১ লাখ টকাৰ লোণ লৈ বিশ্বৰ মঙ্গলৰ উদ্দেশ্যয়ে আয়োজন কৰিছে ভাগৱত পাঠ।

Related Articles