বিশ্বনাথৰ চালিয়া চাপৰিত ১৫ দিনীয়া বিশেষ কৰ্মশালা, ৩০ গৰাকী মহিলাক মেটেকাৰ জৰিয়তে বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ…

বৰ্তমান সময়ত মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ভিন্ন বিত্তীয় প্ৰতিষ্ঠান বা অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান সমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিশ্বনাথৰ চালিয়া চাপৰিত সুশীলা ফাউণ্ডেশ্যন ফ’ৰ এগ্ৰীকালচাৰ এণ্ড ৰুৰেল ডেভলপমেণ্ট নামৰ এক অনুষ্ঠানৰ নেতৃত্বত আৰু নাবাৰ্ডৰ সহযোগত প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণমূলক অনুষ্ঠান । অনুষ্ঠিতব্য প্ৰশিক্ষণৰ উদ্বোধনী সভাত উপস্থিত থাকে সুমন চেটাৰ্জি (DDM NABARD ), ৰাজেন সুৰেন(BPM ASRLM, Biswanath) কুমলীয়া গাওঁ পঞ্চায়তৰ সম্পাদক ৰুদ্ৰকান্ত শৰ্মা, জীৱিকা সখী পদ্মা কৈৰালা আৰু ৩০ গৰাকী আত্মসহায় গোটৰ সদস্যা।

“Micro Enterprise Development Program On Water Hyacinth Craft” শীৰ্ষক এক কৰ্মশালাৰ জৰিয়তে ১৫ দিনলৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে মহিলা আত্মসহায়ক গোটৰ ত্ৰিশ (৩০) গৰাকীকৈ সদস্যাই। প্ৰশিক্ষক দুলুমণি কলিতাই প্ৰদান কৰা উক্ত প্ৰশিক্ষণত মহিলা সকলক পানী মেটেকাৰ জৰিয়তে কি দৰে দৈনন্দিন ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কে বিশদভাৱে প্ৰদান কৰা হৈছে বিশেষ প্ৰশিক্ষণ। প্ৰকল্প সমন্বয়ক তপন শৰ্মাই জানিব দিয়া অনুসৰি উক্ত প্ৰশিক্ষণৰ জৰিয়তে মহিলা সকলে স্বাৱলম্বী হোৱা লগতে আত্মসংস্থাপনৰ দিশত আন এক দিগন্তৰ সূচনা হ’ব।

Related Articles