আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং পূৰ্ণগতিত…

আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং পূৰ্ণগতিত
যুৱ-এলিট শাখাত অভিলেখ সংখ্যক পুৰুষ-মহিলাৰ অংশগ্ৰহণ

অভিলেখ সংখ্যক পুৰুষ-মহিলা খেলুৱৈৰ অংশগ্ৰহণৰে আজিৰে পৰা গুৱাহাটীত চলিত আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ যুৱ আৰু এলিট শাখাৰ খেলসমুহ আৰম্ভ হৈছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজি পুৱাৰে পৰাই দূয়োটা বিভাগৰে বিভিন্ন ওজন শাখাৰ খেলসমুহ অনুষ্ঠিত হয় যদিও প্ৰতিযোগিতাখন বিয়লি তিনি বজাত আনুষ্ঠানিকভাবে মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জমিল হিলালীয়ে ৷

দেশৰ ২৮ খন ৰাজ্যৰ প্ৰায় এহেজাৰ পুৰুষ-মহিলা বক্সাৰৰ উপস্থিতিয়ে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰা উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং, যুটীয়া সঞ্চালক অন্তৰা গগৈ, ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিৱ প্ৰধান হেমন্ত কুমাৰ কলিতা, ফেডাৰেছনৰে উপসভাপতি অনিল বহিধৰ আৰু অসম বক্সিং সন্থাৰ সভাপতি কমল গয়াৰীও উপস্থিত থাকে৷

অহা ১৮ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত পুৰুষ-মহিলাৰ উভয়ৰে যুৱ আৰু এলিট দূয়োটা বিভাগত ১৩ টাকৈ ওজন শাখাৰ খেল অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা চলিত আৰ ই চি পূৱ মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ ছাৱ-জুনিয়ৰ তথা জুনিয়ৰ শাখাৰ খেল সমুহ ইতিমধ্যে সফল সামৰণি পৰিছে আৰু উভয় শাখাৰ পৰাই ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ পূৱ মণ্ডলৰ ১৮৩ গৰাকী ল’ৰা-ছোৱালী নিৰ্বাচিত হৈছে ৷

স্মৰ্তব্য যে ভাৰতীয় বক্সিং ফেডাৰেছনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ লক্ষ্যৰে চাৰিখন মাণ্ডলিক ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰিছে৷ ইতিমধ্যে দক্ষিণ, পশ্চিম আৰু উত্তৰ মণ্ডলত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া গুৱাহাটীত অন্তিমখন প্ৰতিযোগিতা চলি আছে৷ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট শাখাৰ প্ৰতিযোগিতাখনৰ প্ৰতিটো মণ্ডলৰ পৰা ল’ৰা-ছোৱালীৰ প্ৰতিটো ওজন শাখাৰে শীৰ্ষ আঠজনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ব৷ আনহাতে, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰতিটো ওজন শাখাৰ পদক বিজয়ী বক্সাৰক ফেডাৰেছনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত কৰি আধুনিক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰিব৷ মাণ্ডলিক প্ৰতিযোগিতাৰ লগতে আসন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিটো ওজন শাখাৰে পদক বিজয়ী চাৰি বক্সাৰক ১৫, ১০ আৰু পাঁচ হেজাৰকৈ প্ৰাইজমানিও দিয়া হৈছে৷

Related Articles