গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ পোৱালী আৰু বিশ্ব বেঙ্কৰ অধিনষ্ঠ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ আচঁনিৰ অধীনত গাহৰি পোৱালী বিতৰণ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব। বিগত সময়ছোৱাত পশুধন নিগমে বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ প্ৰায় ১৫ হেজাৰ যুৱক-যুৱতীক বিজ্ঞানসন্মত ভাৱে পশুপালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণৰ লগে লগে স্বাৱলম্বীতাৰ বাবেও নিগমে বাস্তৱিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফলত চাৰি হেজাৰৰো অধিক যুৱক-যুৱতী প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে। পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচী জনপ্ৰিয় হোৱাৰ লগতে বহু যুৱক-যুৱতী ইয়াৰ লগত জড়িত হৈ পৰিছে বুলি মন্তব্য কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজ্যখনে দুগ্ধ, কুকুৰা, গাহৰি, ছাগলি আদি উৎপাদনত আত্মনিৰ্ভৰ হবলৈ সক্ষম হব বুলি মতপোষণ কৰে। অধ্যক্ষ শইকীয়াই লগতে কয় যে, সংগঠিত ৰূপত পশুপালন কৰাত গুৰুত্ব দিয়া উচিত আৰু অসমৰ বজাৰ অসমৰ কৃষকে দখল কৰাই নহয় বহিঃৰাজ্যলৈ ৰপ্তানী কৰাৰ বাট মুকলি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচঁনি সম্পৰ্কতো ৰাখ্যা কৰে। পশুপালন বিভাগৰ চিকিৎসক বিষয়াসকলে পশুপালক সকলৰ সাৰথি হিচাপে কাষত থাকি সহযোগ কৰিব লাগিব বুলি সোৱঁৰাই দিয়ে। সভাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত – সচিব শ্যাম জগন্নাথন, সচিব ৰবিনচন মুছাহাৰী, সঞ্চালক অশোক বৰ্মন, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, দুগ্ধ উন্নয়ণ সঞ্চালক উৎপল শৰ্মা আৰু পশুপালন বিভাগৰ বহু সংখ্যক বিষয়া উপস্থিত থাকে। সভাত দুই শতাধিক যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…
- ৪ তাৰিখলৈ অপেক্ষা কৰক, বেছি দিন নাই; সকলো স্পষ্ট হ’বঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা