নিৰ্মলপ্ৰভা বৰদলৈৰ যুগজয়ী কবিতা – “মৰ্মান্তিক”

স্বৰাজোত্তৰ যুগৰ প্ৰতিভাসম্পন্ন কবিকুলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) অন্যতম শ্রেষ্ঠ কবি। এওঁ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। কবিতাৰ লগে লগে সংগীত তথা সমাজ আৰু সংস্কৃতিৰ সাধনাতো এওঁ বিশেষ পাৰদৰ্শিতাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। নিৰলস সাধনাৰে অসমীয়া কাব্য জগতলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি হিচাপে এইগৰাকী কবিক তেওঁৰ সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্যসংকলনটিৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ দিয়া হৈছে।

নিৰ্মলপ্ৰভা বৰদলৈক স্বভাৱ কবি আখ্যা দিয়া হৈছে। গীতিময়তা এইগৰাকী কবিৰ কাব্যশিল্পৰ প্ৰধান বৈশিষ্ট্য। সুৰৰ প্ৰতি তেওঁৰ আছিল গভীৰ আকৰ্ষণ। ইয়াৰ লগে লগে যথোপযুক্ত শব্দ চয়নতো তেওঁ আছিল সিদ্ধহস্ত। এই দুয়োটাৰ সমাহাৰে তেওঁৰ কবিতাত ইন্দ্ৰজালৰ সৃষ্টি কৰে। কবিতা সম্পৰ্কে তেওঁ নিজে উদ্ভাৱন কৰা সংজ্ঞা – ‘সংগীতত আবদ্ধ অলংকাৰ তেওঁৰ নিজৰ কবিতাতে ভালদৰে খাটে। তেওঁ ব্যৱহাৰ কৰা বিভিন্ন কাব্যালংকাৰে সাংগীতিক মূর্ছনাৰ মাজেৰেহে প্ৰকাশ ক্ষমতা লাভ কৰা দেখা যায়। অসমৰ লোকগীত, বিহুগীত-বনঘোষাৰ সুৰ তেওঁৰ কবিতাত একত্ৰিত হৈ এক বিশেষ কাব্যৰীতিত পৰিণত হৈছে; মূৰ্ত হৈ উঠিছে অসমৰ প্ৰকৃতি আৰু নৰ-নাৰীৰ প্রাত্যহিক সুখপ্রদ ছবি। তাৰ উপৰি তেওঁৰ কাব্য-চিন্তাত অসমৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা লোকসাংস্কৃতিক ৰূপ, সামাজিক ঐতিহ্য আদিৰো বৈচিত্ৰ্যপূৰ্ণ পৰিস্ফুৰণ ঘটিছে।

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ বিষয়বস্তুৰ বৈচিত্র্যপূর্ণ সমাহাৰ লক্ষ্য কৰা যায়। প্রেম, স্মৃতি, বিষাদ, আনন্দ, নিঃসংগতা, মৃত্যুচেতনা আদি ব্যক্তিনিষ্ঠ চিন্তাৰ প্ৰকাশৰ লগে লগে তেওঁৰ কবিতাত সমষ্টিগত চিন্তাৰো প্ৰতিফলন ঘটিছে। সৰ্বসাধাৰণৰ দুখ-দুৰ্দশা, সমাজ জীৱনলৈ অহা বিভিন্ন ঘাত-প্রতিঘাত আদিব বাংময় চিত্ৰও তেওঁৰ কবিতাৰ মাজত বিধৃত হৈছে। চুটি চুটি বাক্যৰ মাজেৰে অৰ্থঘন ব্যঞ্জনাৰ সৃষ্টি, শব্দ নিৰ্বাচনৰ অপূৰ্ব দক্ষতাই তেওঁৰ কবিতাক অনবদ্য সৌন্দর্য দান কৰিছে। উৎকৃষ্ট করিয়ে উপযুক্ত প্রকাশক্ষম শব্দৰ ব্যৱহাৰেৰে কবিতাৰ ভাস্কৰ্য নিৰ্মাণ কৰে। কবি নির্মলপ্রভা এই দিশত আছিল সিদ্ধহস্ত। শব্দ আৰু শব্দ’ কবিতা তাৰ প্রকৃষ্ট উদাহৰণ। তদুপৰি শব্দৰ পৰিমিত ব্যৱহাৰৰ প্ৰতিও তেওঁ আছিল অতি সচেতন।

বৰদলৈৰ প্ৰকৃতি বিষয়ক কবিতাবোৰত ৰোমাণ্টিকতাৰ অন্যতম লক্ষণ -কল্পনা প্ৰৱণতাৰ সাৰ্থক প্রয়োগ হোৱা দেখা যায়। অৱশ্যে এই কল্পনা ইন্দ্ৰিয়ই ঢুকি পোৱা কল্পনা। তেওঁ বিভিন্ন ঋতু তথা মাহৰ বৰ্ণনাত বিশেষ দক্ষতাৰ পৰিচয় দিছে। ‘ব’হাগ’, ‘শৰত’ আদি মাহ আৰু ঋতুৰ মনোমোহা ছবি অংকন কৰিলেও কবিগৰাকী কিন্তু জীৱনবিমুখ নহয়। তেওঁ চিনি পায় দুর্ধর্ষ ৰাজনীতিজ্ঞৰ কপট পাশাৰ গুটি’ অথবা ‘অন্ধকাৰত তিৰবিৰাই’ উঠা ‘অদৃশ্য সময়ৰ ক্ষুৰধাৰ তৰোৱাল’। মৰহি যাব খোজা জীৱনক সজীৱ সপ্ৰাণ কৰি ৰাখিবলৈ তেওঁৰ কবিতাৰ বাণীয়ে মানুহক প্ৰেৰণা দিয়ে। চকুপানীবোৰ’ ‘কৰ্মৰ দৰে’ পিন্ধি জীৱন যুঁজত নামিবলৈ তেওঁ মানুহক সাহস দিয়ে। ব্যক্তিগত দুখক সামুহিক জীৱনলৈ উত্তৰণ ঘটাই তেওঁ সৰ্বদেশৰ শোষিত, বঞ্চিত মানুহৰ দুখ, শোকৰ লগত একাত্ম অনুভৱ কৰাতেই আছে এইগৰাকী কবিৰ কাব্য-চিন্তাৰ সাৰ্থকতা। ‘পথ বান্ধা বুলি কোৱাতকৈ প্ৰয়োজন এটুকুৰ হ’লেও শিল মাটিত দিয়াৰ’ বুলি করিয়ে উপদেশ দিয়াতকৈ নিজে আৰ্হি হ’ব খোজে।

নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বন ফৰিঙৰ ৰং(১৯৫৭)। ইয়াৰ পৰৱৰ্তী কালত তেওঁৰ দিনৰ পাছত দিন, সমীপেষু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু আদি কেইবাখনো কবিতা পুথি প্রকাশ পায়। তেওঁৰ সোণ বৰণীয়া আই, সুৰীয়া মাত আৰু ফুলৰ এই মেলাতে নামৰ তিনিখন গীতৰ সংকলনো আছে। দেৱী, শিৱ আৰু সূৰ্য – এই তিনিখন তেওঁৰ গৱেষণাধর্মী কালজয়ী গ্রন্থ। পৰৱৰ্তী সময়ত তেওঁৰ জলপদ্ম নামৰ এখন উপন্যাসো প্রকাশ পাইছে। তদুপৰি তেওঁ শিশু-সাহিত্যৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাই থৈ গৈছে। এইবোৰৰ উপৰি কেইবাখনো প্রবন্ধ সংকলনে তেওঁৰ সাহিত্যৰ প্ৰতি থকা অনুৰাগৰ স্বাক্ষৰ বহন কৰি আছে।

মর্মান্তিক নির্মলপ্রভা বৰদলৈৰ এটি স্বল্প পৰিসৰৰ কবিতা। মাত্র ষোল্পটা শাৰীৰ এই কবিতাটিৰ মাজেৰে স্পষ্ট হৈ উঠিছে আমাৰ সমাজ জীৱনৰ এটি বিশেষ পরিস্থিতির এখনি সবাক চিত্র। মৰ্মান্তিক শব্দৰ আভিধানিক অর্থ বেদনাদায়ক, হৃদয়বিদাৰক ইত্যাদি । ওপৰে ওপৰে চালে কবিতাটিৰ বিষয়বস্তু নিতান্তই সাধাৰণ। ইয়াত বেদনাজনক বা দুখজনক কোনো ভাবানুষংগ পাবলৈ নাই। কিন্তু কবিতাটিৰ অন্তৰ্নিহিত অর্থ আক্ষৰিক অৰ্থতে মর্মান্তিক। এই অর্থ উপলব্ধিৰ পাছত বুজিব পৰা যায় কবিতাটিৰ নামকৰণৰ সাৰ্থকতা। ‘মর্মান্তিক’ কবিতাৰ প্ৰথম ছটা শাৰীয়ে আমাৰ দৃষ্টিপটত তুলি ধৰে ঘৰমুৱা এজন সাধাৰণ মানুহৰ ছবি। বেলি লহিওৱাৰ পৰত পথাৰৰ বঁকিয়াইদি ঘৰলৈ ওভতা এই মানুহজনৰ মূৰত জাপি, কান্ধত দুটা মেটমৰা ডাঙৰিৰ ভাৰ। এই মানুহজন যে এজন সাধাৰণ খেতিয়ক সেই কথা কবিয়ে ক’তো কৈ দিয়া নাই। কিন্তু মূৰৰ জাপি আৰু কান্ধৰ মেটমৰা ডাঙৰিৰ ভাৰৰ পৰা সেই কথা সহজে উপলব্ধি কৰিব পাৰি। এনেদৰে শব্দৰ তুলিকাৰে কবিয়ে এগৰাকী কৃষকৰ জীৱন্ত ছবি এখন আমাৰ আগত তুলি ধৰিছে। খেতিপথাৰৰ পৰা বেলি ডুবাৰ পৰত ঘৰলৈ ওভতা কৃষক-জীৱনৰ নিত্য নৈমিত্তিক ঘটনা। ইয়াত দুখ বা খেদৰ কোনো কথা নাই। কিন্তু, কবিতাটিৰ তৃতীয় স্তৱকৰ ছয়টা শাৰীয়ে অন্য এখন ছবি আমাৰ আগত দাঙি ধৰে। খেতিয়কজনৰ পিছে পিছে গুচি গৈছে ‘আঘোণৰ সোণসেৰীয়া ৰ’দ’, ‘খেৰৰ চুবুৰিটো’, ‘বাঁহ বননিৰ কেঁচা আলিটো’ আৰু ‘গান গোৱা চৰাইজাক’। ‘তেওঁৰ’ অর্থাৎ খেতিয়কজনৰ প্ৰস্থানৰ লগে লগে ইমানবোৰ বস্তু একেলগে গুচি যোৱাটোৱে পাঠকৰ হৃদয়ানুভূতিত আঘাত কৰে। দৰাচলতে কবিয়ে উল্লিখিত ভাবানুষংগবোৰৰ জৰিয়তে কৃষিজীৱী গ্ৰাম্য সমাজখনত ক্রমান্বয়ে অন্তর্হিত হোৱাৰ প্রতীকী ব্যঞ্জনা আনিছে। আঘোণৰ ৰ’দ, বাঁহ-বননিৰ কেঁচা- আলি, খেৰৰ চুবুৰি আদিয়ে গ্ৰাম্য কৃষি-জীৱনৰ প্ৰতিনিধিত্ব কৰিছে। এই সমস্ত দৃশ্যপট ‘গৈ আছিল আৰু গ’লগৈ’ কথাষাৰৰ দ্বাৰা আমাৰ সমাজ জীৱন পৰা নাইকিয়া হোৱাৰ ইংগিত দিছে। ইয়াত ‘তেওঁ’ মাত্ৰ এজন কৃষক নহয়, বৰং এটা যুগ – যাক ‘কৃষি যুগ’ বুলি অভিহিত কৰিব পাৰি। সকলো ফালে ভৰপূৰ তেনে এটি যুগৰ প্ৰস্থান সঁচাকৈয়ে মৰ্মান্তিক। কবিতাটিৰ অন্তিম স্তৱকটিৰ চাৰিটা শাৰীয়ে সেই দুখক অধিক যন্ত্রণাদায়ক কৰি তুলিছে। যিটো যুগৰ সৈতে কবিৰ শৈশৱ, কৈশোৰ জড়িত; য’ত আছিল দিগন্ত বিয়পা খেতিপথাৰ, মেটমৰা ভঁৰাল, বাঁহ-বেতেৰে পৰিপূৰ্ণ এখন পূৰ্ণাংগ গৃহস্থী, সঁচা মৰম, ভালপোৱা • সেই যুগৰ অৱসান ঘটিল। কবি সংশয়াচ্ছন্ন। কাৰণ ‘কোনে জানে তেওঁ বাৰু এই জন্মত উভতি আহিবনে নাহে?’ ইয়াৰ উত্তৰ কবিৰ হাতত নাই। কৃষি যুগটোৰ সৈতে কবিৰ যি আত্মিক বন্ধন সেয়া এতিয়া ছিন্ন হ’ল। গতিকে কবি বেদনাহত। সহজ-সৰল কৃষিজীৱী গ্ৰাম্য জীৱনৰ যি দৃশ্য তাৰ বৰ্ণনা কবিতাটোত পাবলৈ নাই। সেয়া পাঠকে হৃদয়ানুভূতিৰে উপলব্ধি কৰি ল’ব লাগে। সেইদৰে কৃষি যুগৰ পৰা বিচ্ছিন্ন হৈ কবি যি যুগত ভৰি দিলে তাৰ বিৱৰণো তেওঁ দিয়া নাই। এই দুয়োটা বিপৰীতধর্মী দৃশ্যপট অংকন কৰি লোৱাত পাঠকৰ কোনো অসুবিধা নহয়। কৃষি যুগৰ সমাজ-ব্যৱস্থাৰ অৱলুপ্তিৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বাবে ৰৈ আছে নগৰকেন্দ্ৰিক সভ্যতাৰ যান্ত্ৰিক যুগ। এই যুগত কৃষি যুগৰ অকৃত্ৰিম মৰম, ভালপোৱা, দয়া-মমতা, আত্মত্যাগ আদি মানৱীয় প্ৰমূল্যসমূহ অন্তর্হিত হ’ল। স্বাৰ্থপৰতা, যান্ত্ৰিকতাই এই যুগৰ মানুহক নিৰ্জীৱ, নিষ্প্রাণ কৰি তুলিছে। ভৱিষ্যদ্রষ্টা কবিয়ে যুগসন্ধিত থিয় হৈ সেই মর্মান্তিক দৃশ্যকে দেখিবলৈ পাইছে।


কবিতাটিৰ প্ৰথম শাৰীতে প্ৰথম পুৰুষত কবিয়ে অংকন কৰিছে তৃতীয় পুৰুষ এগৰাকীৰ ছবি, যিগৰাকী এতিয়া অতীত হৈ গৈছে। মানুহজনৰ ওভতনি যাত্ৰাৰ দৃশ্য শব্দৰ তুলিকাত প্ৰকৃতিৰ ৰূপহ বৰ্ণনাৰে অতি সজীৱ হৈ পৰিছে – মই তেওঁক যোৱাগৈ দেখিছিলোঁ পথাৰৰ বঁকিয়াইদি। –

বেলি লহিওৱাৰ পৰত

মূৰত জাপি

কান্ধত মেটমৰা দুটা ডাঙৰিব

জিৰিক্ জিৰিক্ মাত।

এই স্তৱক দুটাত ব্যৱহৃত ‘বেলি লহিওৱাৰ পৰ’, ‘পথাৰৰ বঁকিয়া’, ‘মূৰত জাপি’, “কান্ধত মেটমৰা দুটা ডাঙৰিৰ ভাৰ আদি শব্দ চয়নেৰে কবিয়ে পোনপটীয়াকৈ কৈ নিদিলেও বুজিব পৰা যায় যে সেইগৰাকী মানুহ কৰ্মব্যস্ত দিনৰ অন্তত ঘৰলৈ ওভতা এজন সাধাৰণ কৃষক। বাহ্যিক দৃষ্টিত দেখা পোৱা এইখন ছবিৰ অন্য এক গভীৰ ব্যঞ্জনা আছে। ই আমাক আধুনিক জীৱন-যাত্ৰাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যোৱা কৃষি যুগৰ প্রাণ-প্ৰাচুৰ্যৰ ঐতিহ্যৰ কথা সোঁৱৰাই দিছে। কৃষি যুগৰ প্ৰাণ-প্ৰাচুৰ্য শিল্প যুগৰ উত্থানে, যান্ত্ৰিক সভ্যতাৰ হাতোৰাই মষিমূৰ কৰি পেলোৱাৰ উপলব্ধি কবিতাটোৰ তৃতীয় স্তৱকত স্পষ্ট হৈ পৰিছে। ইয়াত মাত্ৰ ছটা শাৰীৰে দিন সলনিৰ স্বাভাৱিক গতি আৰু তাৰ অৱশ্যম্ভাৱী পৰিণতি অৱক্ষয় অতি মর্মান্তিকভাৱে উপস্থাপন কৰা হৈছে – তেওঁৰ পাছে পাছে গ’লগৈ আঘোণৰ সোণসেৰীয়া ৰ’দ খেৰৰ চুবুৰিটো, বাঁহ বননিৰ

কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক।

গৈ আছিল আৰু গ’লগৈ।

ইয়াত ব্যৱহৃত ‘আঘোণৰ ৰ’দ’, ‘খেৰৰ চুবুৰি’ আদি প্ৰতিটো প্ৰতীকী অনুষংগই কঢ়িয়াই আনিছে কৃষি যুগৰ পৰা শিল্প যুগলৈ ঘটা উত্তৰণৰ বতৰা । দুয়োটা যুগৰ সন্ধিক্ষণৰ ছবি দ্যোতিত হৈছে ‘বেলি লহিওৱাৰ পৰৰ চিত্ৰকল্পৰ যোগেদি। কৃষি যুগৰ প্ৰাণ-প্রাচুর্য আৰু মানৱীয় অনুভূতি শিল্প যুগৰ নাগৰিক সভ্যতাৰ বুকুত জাহ যোৱাৰ যন্ত্ৰণাই কবিক ব্যথিত কৰি তুলিছে। অৱশ্যে ই একেদিনাই সম্ভৱ হোৱা নাই। এই উত্তৰণৰ গতি ক্রমাগত – “গৈ আছিল আৰু গ’লগৈ। প্ৰথম আৰু দ্বিতীয় স্তৱকৰ কৃষি-সমাজ তৃতীয় স্তৱকত হেৰাই গৈছে। কবিতাটিৰ চতুৰ্থ তথা অন্তিম স্তবকটিয়ে পাঠকৰ হৃদয় এক অপৰিমেয় সংশয়েৰে ভাৰাক্ৰান্ত কৰি তোলে – –

কোনে জানে

তেওঁ আৰু

এই জন্মত

উভতি আহিবনে নাহে ?

কাল প্ৰৱাহৰ সোঁতত ভৱিষ্যতৰ বুকুত কি লুকাই আছে সেয়া এক উত্তৰবিহীন প্রশ্ন। এনেদৰে পোৱা আৰু হেৰুওৱা, সংশয়াচ্ছন্ন ভৱিষ্যতৰ মর্মন্তুদ উপলব্ধি ‘মর্মান্তিক’ কবিতাটিৰ মাজেৰে ব্যক্ত হৈছে।

কবিতাটি আধুনিক কবিতাৰ সকলো উপকৰণেৰে সমৃদ্ধ। ইয়াৰ ভাব, ভাষা, আংগিক আদি সকলো দিশতে আধুনিকতাৰ ছাপ স্পষ্টভাৱে জিলিকি আছে। কৃষি- সমাজৰ অকৃত্ৰিম পৰিৱেশ, প্ৰকৃতিৰ প্ৰাণ-প্ৰাচুৰ্য, মানুহৰ অকৃত্ৰিম চেনেহ আদিৰ মাজত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰা কবিৰ বুকুৰ পাজৰত সেইবোৰৰ স্মৃতি মচিব নোৱৰাকৈ আঁকি থোৱা আছে। কিন্তু কালৰ কুটিল গতিত সেই সমাজ লাহে লাহে হেৰাই গ’ল। তাৰ ঠাইত নতুনকৈ থিতাপি ল’লে মহানাগৰিক সভ্যতাৰ কৃত্রিম চাল- চলনে। শিল্প যুগত কল-কাৰখানাৰ চিমনিৰ ধোঁৱাৰ মাজত মানুহ হৈ পৰিল যান্ত্ৰিক। দয়া-মমতা, কৰুণা, প্ৰেম-ভালপোৱা আদি মানৱীয় প্ৰমূল্যসমূহ লাহে লাহে মূল্যহীন হৈ পৰিল।

সময় আপোন গতিৰে আগবাঢ়ে। দিন, মাহ, বছৰ বাগৰি যায়। এই গতিৰ ভৱিষ্যৎ আমাৰ অজ্ঞেয়। মানুহে সকলো পৰিস্থিতিকে বুকুত সাবটি ল’বলগীয়া হয়। অনিচ্ছাসত্ত্বেও। ইয়াক প্রতিহত কৰাৰ শক্তি কাৰোৱেই নাই। অনাকাংক্ষিত পৰিস্থিতিক অনিচ্ছাৰ মাজতো আঁকোৱালি ল’বলগীয়া হোৱাৰ যন্ত্ৰণাতকৈ বোধহয় ভয়াৱহ যন্ত্রণা আৰু পাবলৈ নাই। কবিতাটিৰ চতুর্থ স্তৱকটিত চিত্রিত সংশয় আৰু দ্বিধাই যুগৰ পৰা বিচ্ছিন্ন হৈ পৰা যন্ত্ৰণাক অধিক গাঢ় কৰি তুলিছে।

আধুনিক কবিতাৰ এটি বিশেষ উল্লেখনীয় বৈশিষ্ট্য হৈছে সংগীতময়তা। আমাৰ আলোচ্য কবি নির্মলপ্ৰভা বৰদলৈ এই বিষয়ত অতি সিদ্ধহস্ত। গতিকে তেওঁৰ ‘মর্মান্তিক’তো সেই বৈশিষ্ট্যৰ প্ৰতিফলন লক্ষ্য কৰিব পাৰি। এক বিশেষ ছন্দেৰে ‘বেলি লহিওৱাৰ পৰত’ ‘পথাৰৰ বঁকিয়াইদি’ উভতি যোৱা ‘তেওঁৰ কান্ধৰ ‘মেটমৰা ডাঙৰি দুটাৰ ‘জিৰিক্ জিৰিক্’মাতৰ সাংগীতিক মূর্ছনাই পাঠকক মোহিত কৰে। দ্বিতীয় স্তৱকটি পঢ়াৰ অন্তত সেই মাত ধ্বনি লাহে লাহে ক্ষীণ হৈ অহাৰ এক অনাবিল উপলব্ধি আনি দিয়ে। যিমানে দূৰলৈ গৈছে সিমানে যেন তাৰ অস্পষ্ট অনুৰণন শুনা গৈছে।

কবিতাটিৰ শব্দ চয়ন বিশেষভাৱে মন কৰিবলগীয়া। অৱশ্যে উপযুক্ত শব্দৰ ব্যৱহাৰ এইগৰাকী কবিৰ কাব্যশিল্পৰ এক অনন্য বৈশিষ্ট্য। আলোচ্য কবিতাটিতো তাৰ নিদর্শন স্পষ্টভাৱে জিলিকি আছে। ইয়াৰ প্ৰতিটো শব্দৰ মাজত পোৱা যায় একোটাহঁত অর্থঘন প্রতীকী ব্যঞ্জনা। কবিতাটিৰ প্ৰথম শাৰীৰ প্ৰথম শব্দ ‘তেওঁৰ কোনো ব্যাখ্যা কবিয়ে আমাক দিয়া নাই। কিন্তু বেলি ডুবাৰ পৰত ‘পথাৰৰ বঁকিয়াইদি’ ‘মূৰত জাপি’ আৰু ‘কান্ধত দুটা মেটমৰা ডাঙৰি’ লৈ উভতি যোৱাজন যে সহজ-সৰল কৃষিজীৱী লোক, তাক নক’লেও বুজিব পাৰি। তেনেদৰে ‘আঘোণৰ সোণসেৰীয়া ৰ’দ’, প্ৰাচুৰ্যভৰা জীৱনৰ ‘খেৰৰ চুবুৰি’, সহজ-সৰল অকৃত্রিম গ্ৰাম্য জীৱনৰ ‘কেঁচা আলিটো’ অস্থায়ী মানৱ জীৱনৰ আৰু ‘গান গোৱা চৰাইজাক’ অনাবিল আনন্দৰ প্ৰতীক ।

কৃষি-সমাজৰ পৰা শিল্প-সভ্যতালৈ উত্তৰণৰ দোমোজাত থিয় দি কবিয়ে উভতি চাইছে প্রাচুর্যময় শৈশৱ আৰু কৈশোৰলৈ। ‘বেলি’ পৰম শক্তিৰ প্ৰতীক। ই সদায়ে একোটা নতুন দিনৰ সৃষ্টি কৰে। সেই ‘বেলি’য়ে প্ৰকৃতিৰ বিধান মানি অপৰাত ভৰি দিছে। গতিকে নতুন দিনৰ বা নতুন যুগৰ আগমন নিশ্চিত। নতুনক আদৰি ল’ব লাগিলে ও শৈশৱ, কৈশোৰৰ প্ৰাচুৰ্যময় গ্ৰাম্য জীৱনৰ স্মৃতি পাহৰিব নোৱাৰি। সেইবাবেই মানুহৰ যন্ত্রণা হয়। এই যন্ত্রণাই কবিকো ব্যথিত কৰিছে আৰু ই হৈ পৰিছে ‘মর্মান্তিক’। অনাগত ভৱিষ্যতৰ বুকুত কি আছে কোনেও নাজানে। কবিয়ে শব্দৰ তুলিকাৰে কৃষি-সমাজৰ ছবি আঁকিছে যদিও যন্ত্ৰ যুগৰ কোনো বিৱৰণ দিয়া নাই। সহৃদয় পাঠকে তথাপি উপলব্ধি কৰিব পাৰে আধুনিক নাগৰিক সভ্যতাই মাতি অনা মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়ৰ কথা। একো নোকোৱাকৈয়ে বহু কিবাকিবি কৈ দিব পৰা ক্ষমতাৰ বাবেই এইগৰাকী কবি আধুনিক অসমীয়া কাব্য জগতৰ এগৰাকী আগশাৰীৰ কবিৰূপে পৰিচিত । ভাবঘন, ব্যঞ্জনাঘন শব্দচয়ন তেওঁৰ এই কাব্যশিল্পৰ মুখ্য উপকৰণ। আলোচ্য কবিতাটোত কবিয়ে এটাও কঠিন শব্দ ব্যৱহাৰ কৰা নাই। ‘কান্ধ’ আৰু ‘জন্ম’ এই দুটা যুক্তাক্ষৰ থকা তৎসম শব্দক আপেক্ষিক দৃষ্টিত কঠিন আখ্যা দিলেও সেই দুটাও কবিসৃষ্ট সুৰ, সংগীতময়তা আৰু ছবিৰ সৈতে একাত্ম হৈ পৰিছে।
নির্মলপ্রভা বৰদলৈৰ মর্মান্তিক’ এটি ক্ষুদ্রকায় অথচ গভীৰ কবিতা। এই কবিতাটিন মাত্র ১৬টা শাৰীকে ধৰি ৰাখিছে আমাৰ সমাজ জীৱনৰ এক বিশেষ পৰিস্থিতিৰ বিচ্ছিন্নতাবোধৰ সকৰুণ অনুভূতি। হেৰাই যোৱাৰ দুখ নিতান্তই যন্ত্রণাদায়ক। কিন্তু তাতোকৈও যন্ত্রণাদায়ক সুখময়, প্রাণময় জীৱনচর্যাৰ পৰিৱৰ্তে অনাকাংক্ষিত পৰিৱেশৰ স’তে মুখামুখি হ’বৰ বাবে মনোজগতত সৃষ্টি হোৱা দ্বিধা, সংশয় তথা এক চিৰ অসন্তুষ্টিৰ অনুভূতি বহন কৰাটো। আলোচ্য কবিতাটিৰ মাজত আমি পাওঁ তেনে অনুভূতিৰ মর্মভেদী ব্যথা। কবি হৃদয়ৰ সেই কাৰুণ্যই প্ৰতিগৰাকী সহৃদয় পাঠকৰ বুকুত আলোড়নৰ সৃষ্টি কৰে।

লেখকঃ হিমাংশু ৰণ্‌জন ভূঞা

Related Articles