ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ ভলীবল প্ৰতিযোগিতা সম্পন্ন; বক্সিঙ প্ৰশিক্ষক অমৰ ডেকাক “দ্ৰোনাচাৰ্য বঁটা” প্ৰদান…

৬ এপ্ৰিলত ৰাজ্যৰ ক্ৰীড়া সাংবাদিক সকলৰ লগতে সমগ্ৰ ক্ৰীড়া জীৱনৰ কল্যাণ সাধনৰ কাৰণে গঠন কৰা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জজ খেল পথাৰস্থিতত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা খনিৰ লগতে ৰাজ্যিক ভিত্তিত এখনি ল’ৰা-ছোৱালীৰ ১৬ বছৰ অনুৰ্ধ ভলীবল প্রতিযোগিতা আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিযোগিতা খনত ল’ৰা আৰু ছোৱালীৰ উভয় শাখাতে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ সকলে বিজয়ীৰ সন্মান লাভ কৰে । ল’ৰাৰ শাখাত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই. আমচিং ভলীবল প্ৰশিক্ষণকেন্দ্ৰক পৰাজিত কৰাৰ বিপৰীতে ছোৱালীৰ শাখাতো গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই নাৰেংগী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক পৰাভূত কৰে।

বঁটা বিতৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক আৰু গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস, ৩৩ আই,টি,বি,পিৰ ডেপুটি কামাণ্ডেন্ট দেৱেণ্ডৰ সিং, ইণ্ডিয়ান বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কলিতা, সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতা খনত মুঠ এঘাৰটা দলে অংশ গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানতে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই প্ৰথম বাৰৰ বাবে প্ৰদান কৰা “দ্ৰোনাচাৰ্য বঁটা” বক্সিঙৰ প্ৰশিক্ষক অমৰ ডেকাক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰে ডেপুটি কামাণ্ডেন্ট দেৱেণ্ডৰ সিং আৰু কল্যাণ কুমাৰ দাসে। বঁটা গ্ৰহণ কৰি বক্সিং প্ৰশিক্ষক অমৰ ডেকাই খেলুৱৈ সকলৰ বাবে প্ৰশিক্ষকৰ গুৰুত্ব সম্পৰ্কত বহুতো উপদেশ দিয়ে।

Related Articles