APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল: মন্ত্ৰী পীযুষ হাজৰীকা

মাজুলীত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী,চাৰি শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান বিজেপিত ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ধুমুহাৰ গতিত অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰীকাই।
মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতত মাজুলীৰ ৰাৱনাপাৰত চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত।মাজুলী কংগ্ৰেছৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক ফীজু দত্তৰ লগতে গৌৰৱ গগৈৰ ঘনিষ্ঠ শংকৰ জ্যোতি হাজৰিকাৰ যোগদান।


মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বৰ্ণনা কৰিলে বিজেপি চৰকাৰৰ উন্নয়নৰ ধাৰা।‌
মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে পীযুষ হাজৰীকাই।
অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম। অহা দুবছৰৰ ভিতৰত মাজুলীৰ গড়া খহনীয়া ৰোধৰ বাবে অতি কমেও ১০০ কোটি টকা মুকলাই দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰীকাৰ। কংগ্ৰেছ চৰকাৰৰ দিনত মাজুলীৰ বাট পথৰ অৱস্থা অতি শোচনীয় আছিল কিন্তু এতিয়া মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ এটা এটা পথ পকীকৰণ কৰিলে।


সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ সময়তে মাজুলীয়ে জিলাৰ মৰ্যদা লাভ কৰে। কিন্তু কংগ্ৰেছৰ দিনত মাজুলী কেৱল যোৰহাট জিলাৰ এটা অংশ আছিল। মন্ত্ৰী গৰাকীয়ে তেওঁৰ উদান্ত ভাষণত উল্লেখ কৰে যে যিসকল নিবনুৱাই চাকৰি লাভ কৰা নাই সেইসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি ২-৫ লাখ টকা লাভ কৰিব।
মহিলাসকলে উদ্যমিতা আঁচনিৰ জৰিয়তে ২ মাহৰ ভিতৰত ১০ হাজাৰ টকা আৰু অহা বছৰ ২৫ হাজাৰ টকা বেংক একাউণ্টত লাভ কৰিব।


যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব।সমান্তৰালকৈ উদঙালে কংগ্ৰেছ চৰকাৰৰ দিনৰ পয়ালগা ছবিখন। কংগ্ৰেছে সূতা কম্বলৰ ৰাজনীতি কৰিছিল। কংগ্ৰেছে ২৫ হাজাৰ টকা, ১ লাখ চাকৰি দিয়া নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি পাবলৈ হ’লে ১০-২০ লাখ টকা দিব লগা হৈছিল।
মন্ত্ৰী বিধায়কৰ অঙহী বঙহীয়ে চাকৰি লাভ কৰিছিল। APSC চাকৰি পাবলৈ হ’লে ৫০-৭০ লাখ টকালৈকে ঘোচ দিব লগীয়া হৈছিল।


এতিয়া সেই পৰিৱেশ নাই। সেইবোৰ দুৰ্নীতিৰ বাবেই সকলোৱে কংগ্ৰেছ এৰিবলৈ বাধ্য হ’ল। এতিয়া আৰু সূতা কম্বলৰ ৰাজনীতি নচলে। গতিকে সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ। এনেদৰে বিৰোধীক দমন কৰি আকৰ্ষণীয় নিৰ্বাচনী প্ৰচাৰেৰে চমক মন্ত্ৰী পিযুষ হাজৰীকাৰ।

Related Articles