নলবাৰী, ২০ ডিচেম্বৰ: নলবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ অভিযান মিছনৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কাৰ্যসূচীৰ ওপৰত আজি নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয়।এই অনুষ্ঠানত দুৰ্যোগ প্ৰসমন পুঁজি আৰুসামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিক ভাবে প্ৰদান কৰে ৰাজ্যৰ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ইয়াত ১৭২৩ টা আত্মসহায়ক গোটক এক লাখ,পাঁচ লাখ আৰু দহ লাখ টকাৰ চেক আৰু ২১ টা গ্ৰাম্য সংগঠনক এক লাখ পঞ্চাশ হাজাৰ টকাকৈ এই ঋণ প্ৰদান কৰা হয়। আজি মুঠ ৭৩ কোটি ১০লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়।এই অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, জিলাৰ উপায়ুক্ত পূৰবী কোঁৱৰ,মিছন গ্ৰাম্য জীৱিকা মিছন অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱা,পঞ্চায়ত সভাপতি পবিত্ৰ ডেকাকে ধৰি বিভিন্ন ব্যক্তি উপস্থিত আছিল। তদুপৰি এই সভাত বহুত দল-সংগঠনৰ উপৰিও বহুত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পঞ্চায়তৰ এজন সদস্যই কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ভয়ংকৰ মন্তব্য প্ৰকাশ কৰে । পঞ্চায়ত সদস্য গৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে দলৰ কৰ্মী সকলক সদায় তলত থয় আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম নকৰে । ভাৰতীয় জনতা পাৰ্টিৰ সময়ত বহুত কাম হোৱা বুলিও পঞ্চায়ত সদস্য গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে । আজিৰ এইটো কাৰ্যসূচী পূৰ্বেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বনগাওঁ পঞ্চায়ত নতুন গৃহ উদ্বোধন কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…