নগাঁও, ২১ ডিচেম্বৰ : পথ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান জনসেৱা পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা পাঁচদিনীয়া সজাগতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিগত দিনসমুহত জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ তত্বাৱধানত অনুষ্ঠিত পথ সুৰক্ষাৰ সুনিশ্চিত কৰাৰ বাবে ৰাইজক সজাগ কৰিবলৈ আজি নগাঁও চহৰৰ কেবাটাও স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নগাঁও জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি পুৱা বাটৰ নাট আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে জিলা পৰিবহন বিষয়া উৎপল গগৈয়ে। নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা উক্ত অনুষ্ঠানত সহকাৰী যানবাহন পৰিদৰ্শক দৰ্শন মহন্ত, উচ্চ বৰ্গৰ সহায়ক চন্দন শইকীয়া, কাৰ্যালয় সহায়ক ৰঞ্জিত বৰা, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি আব্দুল খবিৰ, সম্পাদক হজৰত আলী, সহকাৰী সম্পাদক আব্দুল জলিল আদি উপস্থিত থাকে। শিল্পী কাননৰ শিল্পী সকলে বাইক চালাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে ছিট ব্লেল্ড আৰু ভৰিত জোতা পৰিধান কৰা, দ্ৰুত গতিত গাড়ী চলোৱাৰ ভয়াবহ পৰিনাম আদি বিষয়সমুহ সামৰি বাটৰ নাটসমুহ প্ৰদৰ্শন কৰে। নাট পৰিচালনা কৰে সুনিত কুমাৰ শইকীয়াই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…
- ব্ৰেকফাষ্টঃ এই স্বাস্থ্যকৰ খাদ্যৰ সৈতে দিনটোৰ আৰম্ভণি কৰক…
- পুত্ৰৰ ফলাফল পাই কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ, ৫টা বিষয়ত লেটাৰসহ ৮৮% শতাংশ নম্বৰ লাভ কৰা ৰমেন নাই এই সংসাৰত…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বিচ্ছেদ হ’ব নেকি? ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো ডিলিট কৰিলে ৰনবীৰ সিঙে…
- ভাৰতীয় শ্বেয়াৰ বজাৰৰ আৰম্ভণিত চেন্সেক্সে সামান্য বৃদ্ধিৰে মুকলি নিফটিত হ্ৰাস…
- কিমান বয়সৰ পৰা ছালৰ যত্ন ল’ব লাগে? ছালৰ যত্নৰ সঠিক বয়স জানি লওক…
- থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন…
- চিলাপথাৰত হাজং সকলৰ হঙৰানী উৎসৱৰ সামৰণি ! নিজা কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু চৰ্চাৰ আহ্বান…
- অনন্যাৰ সৈতে ব্ৰেকআপ আদিত্য ৰয় কাপুৰৰ! ছাৰা আলী খানৰ সৈতে পাৰ্টিত ব্যস্ত, ফটো ভাইৰেল…