গোৱালপাৰা জিলাৰ এক পিছপৰা অঞ্চল “ঠাকুৰবিলা” গাঁৱৰ নিৰ্ভীক সাহসী নাৰী বীৰুবালা ৰাভাই ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰক মাষিমুৰ কৰাৰ হকত যি গুৰুত্বৰ্পূণ পদেক্ষপ গ্ৰহণ কৰি আহিছে তাৰ বাবে তেওঁ সমগ্ৰ ৰাজ্যৰ বাবে এক গৌৰৱৰ স্বাক্ষৰ। য’তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠিছে, তাতে বীৰুবালা ৰাভা উপস্থিত হৈ জনসধাৰাণক পৰিত্ৰাণৰ পথ দেখুৱাব সক্ষম হৈছিল।তেওঁৰ ডাঙৰ পুত্ৰ ধৰ্মেশ্বৰৰ স্নায়ুজনিত ৰোগত আক্ৰান্ত্ৰ হৈ শাৰীৰিক অৱস্থা দিনকদিনে আৰু শোচনীয় হৈ পৰিছিল। তাৰ বয়স প্ৰায় দহ বছৰ আছিল তেতিয়া। বিভিন্ন ধৰণৰ শাৰীৰিক বিসংগতি আৰু সমস্যাই মাকক চিন্তিত কৰি তুলিলে।

হঠাৎ মূৰ্চিতও হৈ যায় সি। সিহঁতৰ পৰিয়ালটো এনেকুৱা এখন ভিতৰ গাঁৱত বাস কৰে, য’ত ডাক্তৰ হস্পিটেলৰ সুবিধা একেবাৰে সুলভ নহয়। চকুৰ আগত পুত্ৰৰ এনে অৱস্থা চাই থকাটোও টান আছিল মাকৰ বাবে। হেজাৰ যত্ন আৰু কষ্টৰ মাজেৰে কিবাকৈ মাকে তাক গুৱাহাটী মেডিকেল হস্পিটেললৈ লৈ গৈছিল। তাৰ স্নায়ুজনিত ৰোগ ধৰা পৰিছিল যদিও চিকিৎসা ভালদৰে কৰিব পৰা নগল।
ইফালে অৰ্থনৈতিক দৈনতায়ো ধৰ্মেশ্বৰৰ সুচিকিৎসাৰ পথত হেঙাৰ হৈ থিয় দিছিল। মাকৰ হেজাৰ চেষ্টা আৰু ইচ্ছা থকা সত্ত্বেও মনপুত চিকিৎসা ব্যৱস্থা কৰিবলৈ অক্ষম হ’ল। গাঁৱলৈ ঘূৰি আহিছিল পৰিয়ালটো। মৰমৰ পুত্ৰৰ এনে অৱস্থা অসহনীয় হৈ পৰিছিল।
কি কৰিব নকৰিব উৱাদিহ হেৰুৱাই গাঁৱৰে মানুহৰ পৰামৰ্শ আৰু দিহা অনুসৰি সেই অঞ্চলৰ বিশ্বাস অনুসৰি “দেওধানী আৰু স্থানীয় বেজৰ” শৰনাপন্ন হৈছিল। মনত দোমোজা আৰু খোকোজা থকা সত্ত্বেও মাকৰ মনে নামানে যেতিয়া দেওধানীকে শেষ সম্বল বুলি ওচৰলৈ গৈছিল। দেওধানীয়ে ধৰ্মেশ্বৰৰ “মংগল ঠিকনা” চালে। “তাৰ গাত হেনো পৰীয়ে থিতাপি লৈছে। সেই পৰীগৰাকী গৰ্ভৱতী আৰু দুদিনমান পিছতে সন্তান প্ৰসৱ কৰিব।
সন্তান প্ৰসৱ কৰাৰ পিছতে ধৰ্মেশ্বৰ মৰি যাব। ‘’মাকৰ চিন্তাত দিনৰাতি নাযায় নুপুৱায় হ’ল। কি কৰিব নকৰিব মহাচিন্তাত পৰিল। অৱশেষত সেই দুদিন পাৰ হ’ল কিন্তু ধৰ্মেশ্বৰ জীয়াই থাকিল।লাহে লাহে মাকৰ অনুভৱ হ’ল এই কথাবোৰ অযুক্তিপূৰ্ণ। অন্ধবিশ্বাসৰ বাদে এয়া একো নহয়। তেওঁ মনটো ডাঠ কৰিলে আৰু ধৰ্মেশ্বৰৰ সু চিকিৎসাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই গ’ল। পিছে আৰ্থিক দুৰ্বলতাৰ বাবে যিমানখিনি কৰিব লাগে তেওঁলোকে কৰিব নোৱাৰিলে। লাহে লাহে ধৰ্মেশ্বৰৰ স্বাস্থ্য আৰু বেয়ালৈ ঢাল খালে। তাৰ মানসিক অৱস্থাৰো অৱনতি হবলৈ ধৰিলে আৰু আচাৰ ব্যৱহাৰৰো দ্ৰুত অৱনতি হব ধৰিলে। গাঁৱৰ মানুহে তাৰ আচৰণত অতিষ্ঠ হৈ পৰিছিল। ৰাইজে তাক হাতে ভৰিয়ে বান্ধি কোঠাত আবদ্ধ পৰ্যন্ত কৰি থব লগা পৰ্যায় পাইছিল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত ঘৰৰ মানুহে তাৰ উচ্চ চিকিৎসাৰ বাবে শ্বিলঙলৈ পঠাই দিলে। এই দুখ বিড়ম্বনাবোৰ মাৰ নৌ যাওঁতে ধৰ্মেশ্বৰৰ দেউতাকো এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ল।
গাঁৱৰে এগৰাকী লোকে বিয়পাই দিলেঁ যে “ঘৰৰে বান, ঘৰৰে শান, ঘৰতে ডাইনী, ঘৰতে ভুতুনী।” অৰ্থাৎ এনেকৈ কোৱাৰ আঁৰৰ মূলভাব এয়াই আছিল যে ঘৰৰ গৃহিনী অৰ্থাৎ ধৰ্মেশ্বৰৰ মাক “বীৰুবালা” এগৰাকী ডাইনী। আৰু “ডাইনী” সম্পৰ্কীয় যিবোৰ প্ৰচলিত লোক বিশ্বাস যে ডাইনীয়ে নিজ সন্তান আৰু গিৰিয়েককো ৰেহাই নিদিয়ে অৰ্থাৎ মাৰি পেলায়। যাৰ বাবে নিজ পুত্ৰক পাগল আৰু স্বামীক ঘৈণীয়েই বেমাৰী কৰিলে। গাঁৱৰ ৰাইজেও এনে মন্তব্যত সহমত প্ৰকাশ কৰি নিয়ম অনুসৰি ৰাইজৰ মেল বহুৱালে। সেই মেলত ৰাইজে বীৰুবালা ৰাভাক “ডাইনী” প্ৰতিপন্ন কৰে আৰু যথেষ্ট অপমান সূচক বাক্যৰে থকাসৰকা কৰে। বীৰুবালা ৰাভা তেখেতৰ স্বামীয়ে তাত যুক্তিপূৰ্ণ প্ৰতিবাদ কৰে যদিও ৰাইজে সহমত হোৱা নাছিল আৰু বহু বাক —বিতণ্ডাৰ পিছত সিহঁতক এঘৰীয়া কৰা হৈছিল।
বহুদিন ৰাতি এন্ধাৰৰ সুযোগ লৈ একাংশ আত্মীয়ই ব্যক্তিগত শত্ৰুতাৰ বাবে দোভাগ ৰাতি বীৰুবালাক আক্ৰমণ কৰিবও চেষ্টা চলাইছিল। মৃত্যুৰ ভাবুকি পৰ্যন্ত পাইছিল। কিন্তু কোনোপধ্যেই তেওঁ ভাঙি যোৱা নাছিল। বীৰুবালা ৰাভা নামৰ এই সাহসী মহিলাগৰাকীয়েই হৈছে সেই সময়খিনিত “ডাইনী” অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতা এক অন্যতম শক্তিশালী নাৰী কণ্ঠস্বৰ। গোৱালপাৰা জিলাৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাৱঁত এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।
অশেষ কষ্ট আৰু সংঘৰ্ষত ডাঙৰ হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়িব পাৰিছিল। ১৯৮৫চনত তেওঁৰ বিবাহ ঠাকুৰভিলা গাৱঁৰে এজন কৃষকৰ লগত হয়। তেওঁৰ পুত্ৰ স্নায়বিক ৰোগত আকান্ত্ৰ হৈ মানসিক ভাৰসাম্য হেৰুৱাব লগা হৈছিল আৰু স্বামীও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। ভিতৰুৱা গাঁও খনৰ অন্ধবিশ্বাসী মানুহবোৰে সেইবাবেই তেওঁকে জগৰীয়া কৰিছিল আৰু তেওঁৰে ভাষ্য মতে,
‘এদিন মোক ৰাইজে ডাইনী সাজিছিল আৰু মোক এঘৰীয়া কৰিছিল”। সেই মুহূৰ্তত সমাজৰ পৰা আহি পৰা আসন্ন বিপদৰপৰা নিজৰ শক্তিশালী কণ্ঠ আৰু যুক্তিৰে সাৰি আহিব সক্ষম হৈছিল বীৰুবালা ৰাভা নামৰ মহিলাগৰাকী। কিন্তু শিক্ষা আৰু সভ্যতাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা সেই ভিতৰুৱা গাঁওখনত অন্ধবিশ্বাসী মানুহৰ অভাৱ নাছিল। তাৰে মাজৰে এচাম দুষ্টলোকৰ প্ৰৰোচনাত পৰি তেওঁক “ডাইনী” আখ্যা দিয়াই নহয় বৰঞ্চ শাৰীৰিক ভাৱে আক্ৰমণ কৰিবলৈ একাংশ লোক সম্পূৰ্ণ ৰূপে সাজু হৈছিল। তেওঁৰ ভাষ্য অনুসৰি গাঁৱৰ ওজা এজনে এটি পিতলৰ বাতিত কিবা মন্ত্ৰ ফুঁকাই এৰি দিছিল আৰু যিগৰাকী ডাইনী হয় তাৰ ওচৰলৈ বাতিটো নিজে নিজে বাগৰি গৈছিল।
বিৰুবালাৰ কাষলৈয়ো সেই মন্ত্ৰপূত বাটিতো হেনো বাগৰি কাষ পাইছিল। এনেকৈ তেওঁ “ডাইনী” হোৱাটো গাৱঁৰ মাজত প্ৰমাণিত হৈছিল আৰু তেওঁক আক্ৰমণ কৰিবলৈ একাংশ ৰাইজ উদ্যত হৈছিল। কিন্তু সেই আক্ৰমণৰপৰা কিবাকৈ হাত সাৰি আহিব পাৰিছিল যদিও তেওঁ তাতে ক্ষান্ত নহ’ল। এতিয়া দুগুণ উৎসাহ আৰু উদ্যমৰে আৰম্ভ কৰিলে এক যুদ্ধ এক যাত্ৰা। যি যুদ্ধ আছিল অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, “ডাইনী প্ৰথাৰ” বিৰুদ্ধে।
ডাইনী প্ৰথাৰ বলি হোৱা নিমাখিত জনৰ ৰক্ষাৰ স্বাৰ্থত ঘোষণা কৰা এক বিৰামহীন যুঁজ। তেনেকুৱা তেওঁৰ জীৱনত অজস্ৰ উদাহৰণ আছে যদিও উল্লেখ কৰিব পাৰি ১৯৯৯ চনত গোৱালপাৰাৰ লক্ষ্মীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত পতা এখন ৰাহুৱা সভাত ঠাকুৰবিলা অঞ্চলৰ কেইগৰাকী মান মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল। কিন্তু সেই সভাত বীৰুবালা ৰাভাই অতি দৃঢ় কণ্ঠৰে সেই ৰ্দুভগীয়া মহিলাৰ পক্ষে থিয় হৈ কৈছিল “তেওঁলোক ডাইনী কেতিয়াও হ’ব নোৱাৰে, এয়া অন্ধবিশ্বাস।” বীৰুবালা ৰাভাই যুক্তি প্ৰদান কৰিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰকো দেওধনীয়ে দুদিনতে মাৰিব বুলি কৈছিল, কিন্তু সি জীয়াই কেনেকৈ জীয়াই থাকিল?
বেজ, দেওধানী চব ভণ্ড।‘’ তেওঁ হাৰ মনা বিধৰ মহিলা নাছিল। লাহে লাহে ইখনৰ পিছত সিখন গাৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলেও বাটকুৰি বাই খোজ কাঢ়ি ডাইনী অন্ধবিসশ্বাস যে অযুক্তিকৰ এই ধাৰণাৰ বহুল প্ৰচাৰ তথা সজাগতাত লাগি গৈছিল।
প্ৰায় ৩৫ গৰাকীমান পীড়িত লোকৰ জীৱন ৰক্ষাৰ বাবে অদম্য সাহসেৰে আগভাগ ডাইনী বিৰোধী অভিযানৰ বাবে ২০০৫ চনত “প্ৰজে” থাউজেণ্ড উইমেন”ৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত হ’য়। তেওঁৰ এই সাহস, সততা, দৃঢ়তা দেখি বহুতো উঠি অহা যুৱক, যুৱতী, পুৰুষ, মহিলা সকলো অনুপ্ৰাণিত হৈছিল, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে চলা এই যাত্ৰাত অংশীদাৰ হবলৈ।
যাৰ বাবে এনেকুৱা সহযোগিতাৰে ২০১২ চনত আনুষ্ঠানিক ভাৱে “মিছন বীৰুবালা”ৰ জন্ম হয়। তেওঁৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে আৰু ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰিব সক্ষম হৈছে। “মিছন বীৰুবালাই” ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে। ইয়াৰ মূল উদ্দ্যেশ্য হৈছে অন্ধবিশ্বাসৰ বিৰুদ্ধে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক উৎসাহিত কৰা।
২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰী এল. টি. ডি’ৰ পৰা “ৰিয়েল হিৰ” খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু” বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা” বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডি. আদি ইয়াৰ অন্যতম। মিছন বীৰুবালাই প্ৰধানকৈ পিছপৰা আৰু ভিতৰুৱা গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি তথা প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা পাতি অন্ধবিশ্বাস দূৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে। ২০২১ চনৰ পদ্মশ্ৰী বঁটাৰেও বিভূষিতা হয় বীৰুবালা ৰাভা। অসম মহিলা সমিতিৰ সহযোগত ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত”মিছন বীৰুবালা” আৰম্ভ কৰিছিল আৰু ২০১৩ চনৰ ৩০ অে”াবৰত এই মিছনক ৰাজ্যিক অভিযান আখ্যা দিয়া হ’য়। পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱাৰ পিছত তেওঁ কৈছিল যে, “মই তেওঁলোকক কৈছোঁ, বঁটা লাভ কৰাটো ভাল কথা কিন্তু তাতকৈ ভাল, কথাটো হ’ল মানুহে আন মানুহক সহায় কৰাটো, আমি সাহসী আৰু নিৰ্ভীক হোৱা উচিত।” নিঃসন্দেহে তেওঁৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটিল। কিন্তু সামাজিক অন্ধবিশ্বাসৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ভীকতা আৰু সমৰ্পণৰ যি এক আদৰ্শ প্ৰস্তুত কৰি থৈ গ’ল সেয়াই ভৱিষ্যত প্ৰজন্মক বিকাশৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰি থাকিব চিৰকাল। ভিতৰুৱা অখ্যাত গাঁৱৰ জনজাতীয় এই মহিলাগৰাকী বিশ্বৰ সকলোৰে চিনাকি। বিশ্ব শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী গৰ্বিত অসমীয়া মহিলাই হৈছে বিৰুবালা ৰাভা।
এনে এগৰাকী নাৰী যাৰ প্ৰতিবাদী কণ্ঠই পীড়িত সকলৰ পক্ষত থিয় দি সোণোৱালী ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে।
সমাজৰ বাবে বীৰুবালা এনে এক আভা যাৰ পোহৰত অন্ধবিশ্বাসৰ বলি হোৱা নিষ্পেষিতসকল পুনঃ উদ্ভাষিত হৈ উঠি সাহসেৰে এক অগ্ৰগামী যাত্ৰালৈ বাট বুলিব সক্ষম হৈছে।
লেখিকাঃ পুষ্পাঞ্জলি শিৱমশৰ্মা

