নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ ৭ লাখ টকাৰ অনুদান আগবঢ়ায়। এই উপলক্ষে পেঞ্চনাৰ ভৱনত অনুষ্ঠিত সভাত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সদস্য সকলৰ উপস্থিতিত বিধায়ক শৰ্মাই আন্তঃগাঠনি উন্নয়নৰ চেক বিতৰণ কৰে। বিধায়ক গৰাকীয়ে আছুতীয়া পূঁজিৰ চেক বিতৰণ কৰি কয় যে, সুৰ্দীঘ চাকৰি কালৰ সমাপ্তি ঘটাই এক নতুন অধ্যায়ৰ সুচনাৰে অৱসৰী ব্যক্তি সকলে পেঞ্চনাৰ ভৱনত ঐক্যবদ্ধ হৈ মনৰ ভাৱ আদান প্ৰদান কৰাৰ লগতে বিভিন্ন সামাজিক আৰু গঠনমূলক কাম কাজত মনোনিবেশ কৰে। সেয়ে অৱসৰী লোক সকলৰ মিলনৰ স্হল হৈ পৰে এই পেঞ্চনাৰ ভৱন। সমাজৰ অভিভাৱক স্বৰূপ এই জ্যেষ্ঠ ব্যক্তি সকলৰ আদৰৰ পেঞ্চনাৰ ভৱনটো আটকধুনীয়া কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়ে নগাঁও পেঞ্চনাৰ ভৱনৰ আন্ত:গাঠনি উন্নয়নৰ হকে আজি আছুতীয়া পূঁজিৰ পৰা ৭ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে । আশা কৰিছো এই অনুদানৰে ভবিষ্যত দিনত নগাঁও পেঞ্চনাৰ ভৱনটো আটকধুনীয়া ৰূপত গঢ় লৈ উঠিব। অনুদান বিতৰণ অনুষ্ঠানত অসম পেঞ্চনাৰ সন্হাৰ নগাঁও শাখাৰ সভাপতি আবুল হুছেইন, সম্পাদক জীৱ প্ৰসাদ বৰকটকীৰ লগতে সন্হাৰ সদস্যসকল উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…
- দৰঙৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ভূমি পূজন অনুষ্ঠান…
- তেজপুৰত দ্বাদশ “দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান”…
- কাছাৰত হৃদয়বিদাৰক ঘটনা! কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ নিহত ৩ লোক…
- বিজয়নগৰত আৰক্ষী জোৱান কৃপাল ঠাকুৰীয়াৰ অকাল বিয়োগ…
- ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন, ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ; ড০ বিকাশ ৰঞ্জন কোঁৱৰক সম্বৰ্ধনা…
- মৰিগাঁও জিলা “উচুঁ” চেম্পিয়নশ্বিপত উজলিল লাহৰীঘাট উচুঁ ক্লাৱ, ৫ টা সোণ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়ালে লাহৰীঘাট উচুঁ ক্লাৱে…