বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…  

বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত  হিতাধীকাৰী সকলে বিভিন্ন চৰকাৰী আঁচনিৰ বাবে আৰু ছাত্র-ছাত্ৰী সকলে বিভিন্ন যাৱতীয় নথি-পত্ৰ লাভ কৰিবলৈ অনলাইনৰ সেৱা শিৱিৰ ডিমৌ পালে স্মাৰ্টপুৰ কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ ক্ষেত্ৰ প্ৰচাৰক ধৰ্মৰাজ কাৰ্কিয়ে কয় জনসাধাৰণ তথা হিতাধীকাৰী সকলে বিভিন্ন কাৰণত যাৱতীয় নথি-পত্ৰ নথকাৰ বাবে চৰকাৰী আঁচনি লাভৰ ক্ষেত্ৰত বঞ্চিত হ’ব লগা হৈ আহিছে।

বিশেষকৈ আধাৰ কাৰ্ড,পান কাৰ্ড,ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আদি যাৱতীয় নথি-পত্ৰ অভাৱৰ ফলত প্ৰকৃত হিতাধীকাৰীয়ে বিভিন্ন সময়ত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি ছাত্র-ছাত্ৰী সকলেও শিক্ষানুষ্ঠানত অনলাইনত নামভৰ্ত্তি কৰিবলৈ বিভিন্ন ক্ষেত্ৰত বহুতে অসুবিধাৰ সন্মুখীন হব লগা হয় কৈ সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্র-ছাত্ৰী সকলে সন্মুখীন হোৱা এনেধৰণৰ অসুবিধাখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ অনলাইন সেৱাৰ

জৰিয়তে  ৰাইজে যাতে যাৱতীয় নথি-পত্ৰ সমূহ লাভ কৰে সেই উদ্দেশ্য আগত ৰাখি এনে পদক্ষেপ লোৱা হৈছে বুলি কয়। বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ প্ৰযুক্তিসম্পন্ন দিলিপ মিলি, লাৱণ্য দেউৰী,লীলা দলে,ৰাহুল দলে,হাস্না মিপুন উপস্থিত থাকি অনলাইন সেৱাৰ জৰিয়তে সুলভ মূল্যত সত্তৰ গৰাকী লোকক বিভিন্ন নথি-পত্ৰ যোগান ধৰে।

Related Articles