কাৰ্বি আংলং জিলাৰ ৰাজপথাৰ অঞ্চলৰ ৰজাপথাৰ হাইস্কুল তিনিআলিত আজি প্ৰয়াত কবি, শিক্ষয়িত্ৰী তুষামাই টেৰণপী পাটৰৰ ১৪ তম মৃত্যু বাৰ্ষিকীত এটা বাটৰ পুথিভঁৰাল উদ্বোধন কৰা হয়।
ৰজাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সহকাৰী শিক্ষক, কবি, লিখক শৰৎ পাটৰে বাটৰ পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰে। পুথিভঁৰালৰ শুভ উদ্বোধন কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ জ্ঞান অৰ্জনৰ বাবে বিভিন্ন গ্ৰন্থৰ উপৰিও সঁফুৰা মৌচাক আদি আলোচনী অধ্যয়নৰ সুবিধা প্ৰদান কৰা হ’ব বুলি মত ব্যক্ত কৰে।

অনুষ্ঠানত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকদ্বয় বগাৰাম বড়ো আৰুপবিত্ৰ বড়োয়েও ছাত্ৰ ছাত্ৰীসকলক উদেশ্যি দিহা পৰামৰ্শ আগবঢ়ায়। পুথিভঁৰালটোৰ উদ্যোক্তা যুৱ লেখক জনাৰ্দ্দন পাটৰ আৰু গৱেষক ছাত্ৰ সিদ্ধাৰ্থ পাটৰে পুথিভঁৰালটোত অধুনালুপ্ত বিভিন্ন আলোচনীৰ উপৰিও শিশু আলোচনী সমূহ সংৰক্ষণৰ ব্যৱস্থাও কৰা হ’ব বুলি অভিমত ব্যক্ত কৰি ছাত্ৰ ছাত্ৰী সকল জ্ঞান অৰ্জনৰ আহ্বান জনায়।

