বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
সত্ৰ নগৰী মাজুলীৰ প্ৰবল বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰাৰ পিছত ১৯৭৪ চনত তিতাবৰত সংস্থাপিত কৰা আদর্শ মহিমাবাৰী গাঁৱে প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।
প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ কাৰ্যকালত মাজুলীৰ পৰা তিতাবৰলৈ আনি গাঁও প্ৰতিষ্ঠাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই তম্বু সাজি গাঁওবাসীৰ লগত সহযোগিতা কৰা ৰোমন্থন কৰে গাঁওখনৰ ৰাইজে।
৫০ বছৰীয়া দীৰ্ঘ পৰিক্ৰমাৰ প্ৰাকক্ষণত ১৭ মে’ৰ পৰা গাঁওখনত ৭ দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰিছে ৰাইজে।

সোণালী জয়ন্তী বৰ্ষ উপলক্ষে গাঁওখনৰ নামঘৰৰ উপৰিও বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আটকধুনীয়াকৈ সজাই-পৰাই এক সুন্দৰ দৃষ্টিনন্দন পৰিৱেশো গঢ়ি তুলিছে।
সপ্তাহজোৰা বিস্তৃত কাৰ্যক্ৰমনিকাৰ প্ৰথমদিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়নৰ পিছতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে পৰিবেষ্টিত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই চৌদিশ মুখৰিত কৰি তোলে । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীশ্ৰীকমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতে।

প্ৰথম দিনাই আৰম্ভ হয় গাঁওখনৰ আদৰ্শ মহিমাবাৰী নৱজ্যোতি মিলন সংঘৰ ৰঙ্গমঞ্চত মনপৰশা সাংস্কৃতিক অনুষ্ঠানৰো ।
দ্বিতীয় দিনা অনুষ্ঠিত হোৱা মুকলি সভাতে উন্মোচন হয় আটকধুনীয়া বৰ্দ্ধিত কলেৱৰৰ স্মৃতিগ্ৰন্থ।
সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি অবিৰত ভাগৱত পাঠ, বাৰ্ষিক নাম-প্ৰসঙ্গৰ লগতে অহা ২৩ মে’ত গাঁওখনৰ শিল্পীবৃন্দৰ দ্বাৰা প্ৰদৰ্শিত হ’ব ‘সিন্ধুমুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ ভাওনা।