ভঙা হাতেৰে ৭৭ সংখ্যক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ।

এনে ৰূপত দেখিলে কোনে ক’ব ঐশ্বৰ্য ৰায় বচ্চনে পঞ্চাশ বছৰ বয়স অতিক্ৰম কৰিলে বুলি।

ফালগুনি শ্বেন পিককে ডিজাইন কৰা ক’লা গাউন পিন্ধি কাঁনৰ ৰেড কাৰ্পেটখন ৰঙীণ কৰি তুলিলে ঐশ্বৰ্যই।

প্লাষ্টাৰ কৰা হাতেৰে বিশ্ববিখ্যাত চলচ্চিত্ৰ মহোৎসৱত এইদৰে উপস্থিত হয় ঐশ্বৰ্য ৰায় বচ্চন।
আহাতে কাঁনত আৰাধ্যাইও মাকক হাতৰ পৰা বেগ এটা লৈ সহায় কৰা দেখা গৈছিল এটা ভিডিঅ’ত।
অৱশ্যে এনে কঠিন সময়ত পতি অভিষেক বচ্চনক পত্নীৰ কাষত দেখা পোৱা নগ’ল।

