ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা কথাৰ যেন ফুলজাৰীহে মাৰিছে! নিৰ্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি এতিয়া সাধুকথা হ’ল। কামৰূপ জিলাৰ বকোৰ বহু গাঁৱলীয়া পথত লগতে বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ বাট পথ সম্প্ৰতি মৰণৰ ফাণ্ডতহে পৰিণত হৈছে। উদাহৰণস্বৰূপে বকো নিছেই কাষতে অৰ্থাৎ বকোস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ পৰা মাত্ৰ দহ কিলোমিটাৰ নিলগৰ বৰুৱা বালিঝাৰ বামুন অঞ্চলৰ গাঁও ৰাস্তা আৰু প্ৰবীণ কুমাৰ চৌধুৰী হাইস্কুলৈ যোৱা পথ দুটা অতি শোচনীয়। দীৰ্ঘদিন ধৰি মেৰামতি অথবা আধুনিকীকৰণ নকৰাৰ ফলত পথ দুটাৰে মানুহৰ যাতায়াত সম্ভৱ নহোৱা হৈছে। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।

যাৰ ফলত পথেৰে মটৰ চাইকেল অথবা দুচকীয়া চাইকেল চলাই যাব নোৱাৰে। এই জটিল সমস্যা সমুহ আবেদন আকাৰে লিখি কেৱাবাৰো ৰাজ্যৰ সাংসদ – মন্ত্ৰী – বিধায়ক, উন্নয়ণখণ্ডৰ বিষয় – পঞ্চায়ত প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক বহু বাৰ জনোৱা হৈছে। লগতে ফটো ভি ডি ও কৰি বহু বাৰ বাতৰিতো প্ৰচাৰিত হৈছে। তৎস্বত্তেও আজিলৈকে এচপৰাও মাটি নপৰিল বৰুৱা বালিঝাৰ বজাৰৰ পৰা শিংৰাবড়ী হৈ মালিবাৰীলৈ যোৱা ১২ কিলোমিটাৰ পথ, চুকুনীয়াৰ পৰা মন্দিৰা হৈ নগৰবেৰা লৈ যোৱা ২৫ কিলোমিটাৰ পথ,বালিঝাৰৰ পৰা গৰুমাৰাহৈ ৫ কিলোমিটাৰ পথ সমূহত। ইফালে বিগত নিৰ্বাচনৰ আগে আগে স্থানীয় বিধায়িকা নন্দিতা দাসে ভোট বিচাৰি আহিছিল তেতিয়াই কৈছিল মই বিধানসভালৈ নিৰ্বাচিত হ’লে পথ নিৰ্মাণ কৰি দিম বুলি। বিধায়িকা হ’ল কিন্তু পথ দুটা বেচিহে বেয়া হ’ল। অৰ্থাৎ চৰকাৰে ৰাস্তা বনোৱা বা মেৰামতি কৰা আঁচনি গ্ৰহণ নকৰিলে।
আচনি গ্ৰহণ কৰিছে হিতাধীকাৰী তৈয়াৰ কৰা। উল্লেখ্য যে; এই অঞ্চলৰ ৰাইজে ৰাস্তা বিচাৰি বহু আবেদন নিবেদন কৰিছে কিন্তু ৰাস্তা বনোৱা নাই। কোনেও আবেদন নিবেদন নকৰাকৈয়ে স্কুটি; বুলেট; লেপটপ আৰু অন্যান্য সা – সামগ্ৰী যোগান ধৰিছে। যত ৰাস্তাই নাই স্কুটি বুলেট ক’ত চলাব। এই পথৰ মাজত থকা গাঁতত পানী জমা হৈ পিচল হৈ পৰিছে আৰু আজি মানুহে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে। এই ক্ষেত্ৰত গাওঁৰ সচেতন সমাজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নজৰ দিবলৈ আহ্বান জনাইছে।

