হোজাই, ২৪ ডিচেম্বৰ: হোজাইত নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা, ৰে’ল ষ্টেচনত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোকজনৰ নাম গংগাপ্ৰসাদ শাহু (৫০) আৰু তেওঁৰ ঘৰ হোজাই তেলিবস্তিৰ বুলি জানিব পৰা গৈছে। উজনিমুৱা নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ পৰা পৰি মৃত্যু হয় লোকজন। হোজাই ৰে’ল আৰক্ষীয়ে ঘটনাৰ বিষয়ে বিবৰি কয় যে ২ নং প্লেটফৰ্মৰ কাষৰ ৩ নং ট্ৰেকত এজন মানুহ পৰি থকা বুলি নিশা প্ৰায় ১ বজাত হোজাই ষ্টেচন মাষ্টাৰৰ পৰা খবৰ পায় আৰু ততাতৈয়াকৈ ঘটনাস্থলীত ৰেল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজনৰ পৰা ভোটাৰ আই ডি লগতে এখন মোবাইল উদ্ধাৰ কৰে। লোকজনে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে নতুন দিল্লীৰ পৰা হোজাইলৈ আহি আছিল, কিন্তু হোজাই ষ্টেচনত বিগত প্ৰায় ১৫ দিনৰ পৰা হোজাইৰ ষ্টপেজ উঠাই দিয়ে, গতিকে চলন্ত ৰে’লৰ পৰা জপিয়াই নামোতে ভাৰসাম্য হেৰুৱাই মৃত্যু হোৱা বুলি সন্ধেহ প্ৰকাশ কৰে ৰে’ল আৰক্ষীয়ে। হোজাই ৰে’ল আৰক্ষীয়ে মৃত লোকজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে। দিল্লীৰ পৰা হোজাইৰ ঘৰলৈ বুলি অহা গংগাপ্ৰসাদ শাহু নামৰ লোকজন শোকাৱহ ঘটনাৰ ফলত মৃত্যু হোৱাত চাঞ্চল্যই বিৰাজ কৰিছে গাওঁখনত।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…