বাটঘৰীয়া শাখা সমিতি গঠন, আমোলগুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ ৰাজহুৱা সভা সম্পন্ন…

সোনোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আজি আমোলগুৰীস্থিত বাটঘৰীয়া গাওঁ পঞ্চায়তৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত কৰা হয়। সোনোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি ডাঃ পুণ্য বৰুৱাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ সম্পাদক কল্পজিৎ সোনোৱালে। সভাত উপস্থিত থাকি সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্ব প্ৰসাদ দাসে সোনোৱাল কছাৰী সাহিত্য সভাৰ লক্ষ্য-উদ্দেশ্য আৰু গ্ৰহণ কৰি অহা কৰ্মআঁচনিৰ ওপৰত আলোকপাত কৰি এটা জাতি জীয়াই থাকিবলৈ ভাষা-সাহিত্যৰ উত্তৰণ ঘটিব লাগিব বুলি বক্তব্য ৰাখি বৌদ্ধিক বিকাশৰ বাবে ভাষা-সাহিত্য চৰ্চা,ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি পাব লাগিব বুলি ভাষন আগবঢ়ায়।

সভাত সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱালে কয় সাহিত্য হৈছে এটা জাতিৰ দাপোন। উৎকৃষ্ট সাহিত্য সৃষ্টিৰ জৰিয়তে জাতি এটাৰ জাতীয় পৰিছয় শক্তিশালী ৰূপত দাঙি ধৰে বুলি বক্তব্য ৰাখি ইতিমধ্যে সোনোৱাল কছাৰী সাহিত্য সভাই জনগোষ্ঠীটোৰ চিন্তাশীল লেখক, সাহিত্যিক সকলৰ সৃষ্টিশীল লেখনি সমূহ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু জনগোষ্ঠীটোৰ প্ৰাতঃস্মৰণীয় ব্যক্তি সকলৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰি স্মৃতিগ্ৰন্থ প্ৰকাশৰো পদক্ষেপ লৈ আহিছে বুলি বক্তব্য আগবঢ়ায়। ৰাজহুৱা সভাত নৰ্থবেঙ্ক মহাবিদ্যালয়, ঘিলামৰাৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ লৱৰাম সোনোৱাল,সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নেত্ৰ বড়া,ধেমাজি জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰসেণ সোনোৱাল,সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্যা নন্দিনী ডেকা উপস্থিত থকা সভাতে ধৰ্মেন্দ্ৰ মানিকীয়ালক সভাপতি,দ্ৰুৰ্ণ দাফলাৰীক উপ সভাপতি, জয়ন্ত শইকীয়াক সম্পাদক,মিন্টু বড়া,দিগন্ত সোনোৱালক সহকাৰী সম্পাদক, হেম চেলেঙক কোষাধ্যক্ষ,হীৰেন সোনোৱালক প্ৰচাৰ সম্পাদক, বৈদ্য কছাৰীক সাংস্কৃতিক সম্পাদক,ভদ্ৰ বড়া,গিৰীণ কছাৰীক সাংগঠনিক সম্পাদক হিচাপে লৈ সোনোৱাল কছাৰী সাহিত্য সভাৰ বাটঘৰীয়া শাখা সমিতিখন গঠন কৰা হয়।

সভাই মৃদুল সোনোৱাল, নেত্ৰ বড়া,হেমচন্দ্ৰ কছাৰী,নন্দিনী ডেকা, ব্ৰজ্ব শইকীয়াক উপদেষ্টা হিচাপে মনোনীত কৰে। সভাত সোনোৱাল কছাৰী সাহিত্য সভাৰ সদস্য ভৰ্তিকৰণ কৰা, ধেমাজিত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিতব্য সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি চলোৱা,সভাৰ বাটঘৰীয়া শাখা সমিতিৰ উন্নয়নৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হাতত লয়।

Related Articles