কঠোৰ পৰিশ্ৰমৰ অন্তত টীয়কৰ বিৰাজ জ্যোতি কলিতাই ডক্টৰেট ডিগ্ৰী লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ…

কঠোৰ পৰিশ্ৰম একাগ্ৰতা আৰু সাধনা কৰিলে সফলতা লাভ কৰাত কেতিয়াও বাধা আহিব নোৱাৰে।এজন যুৱকৰ সফলতাৰ কাহিনী শুনিলে আপুনিও অনুপ্ৰাণিত হৈ উঠিব। যুৱকজন টীয়ক ৰজাবাৰী নামচুক গাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিতেন কলিতা আৰু ৰূপহী কলিতাৰ পুত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল তথা পৰিয়াল আত্মীয় সকলোৱে যথেষ্ট আশাত আছিল কিন্তু সকলো আশা কৰা ধৰণে নহল। প্ৰথম বিভাগতো উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত সকলোৱে আচৰিত হৈছিল।

তেনে ফলাফল লাভ কৰি নিজেও আচৰিত হৈছিল যুৱকজন। কিন্তু যুৱকজনে নিজৰ আত্মবিশ্বাস হেৰুৱা নাছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তেনে ফলাফলৰ বিপৰীতে কাকজান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ চূড়ান্ত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পুনৰ একেখন কলেজৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল সেই বিশেষ যুৱকজন।যুৱকজৰ নাম বিৰাজ জ্যোতি কলিতা। বুৰঞ্জী বিষয়টোক ভালপোৱা যুৱকজনে ডিব্ৰুগড বিশ্ববিদ্যালয় পৰা মাষ্টাৰ ডিগ্ৰী, এম ফিল ডিগ্ৰী লাভ কৰি ২০২০ চনত স্থায়ীকৈ যোৰহাট দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিয়োগ হয়। বিৰাজ জ্যোতি কলিতাৰ বহুকেইটা গুৰত্বপূৰ্ণ লেখনি “১৯৬০ চনৰ ভাষা আন্দোলন,sex, sahibs and Bodies women workers in The tea plantation of colonial Asaam, চৰগোলা এক্সোডাস আৰু ইয়াৰ ঐতিহাসিক গুৰত্ব, সেউজীয়া অৰণ্যৰ পৃথিৱী গছ থাকিলেহে মানুহ থাকিব এনে বহু লেখনি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনীতো প্ৰকাশ কৰি আহিছে । ইয়াৰ উপৰিও যুটীয়া সম্পাদনাত ‘Tea plantation labour of Assam( Migration,culture and identity) নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। শেহতীয়াকৈ বিৰাজ জ্যোতি কলিতাক গুৱাহাটী বিশ্ববিদ্যালয়ে আজি সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে। উক্ত খবৰে সমগ্ৰ অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ ৰেঙনি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক তথা এগৰাকী আগশাৰীৰ ইতিহাসবিদ ড° ৰাজীৱ সন্দিকৈৰ তত্ত্বাৱধানত “যোৰহাটৰ চাহ শ্ৰমিকৰ সামাজিক ইতিহাস” (Social History of Tea Plantation Workers of Jorhat) বিষয়ক গৱেষণাৰ বাবে আনুষ্ঠানিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী (Ph.D) লাভ কৰিছে বিৰাজে। ঘৰৰ মাজু সন্তানৰ এই সাফল্যই পৰিয়ালৰ সকলোলৈকে সুখৰ বন্যা কঢ়িয়াই আনিছে।

Related Articles