যোৰাবাট অঞ্চলত অবৈধ ভাবে চলি থকা পাহাৰ খননস্থলীত যোৰাবাট শাখা ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ…

বিশ্ব পৰিবেশ দিৱস উপলক্ষে বুধবাৰে যোৰাবাট শাখা ছাত্ৰ সন্থাই যোৰাবাট অঞ্চলৰ অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম মেঘালয়ৰ সীমান্তবৰ্তী এলেকাৰ যোৰাবাটৰ পৰা বৰ্ণিহাট অঞ্চলৰ একাংশ পাহাৰত অসাধু ব্যৱসায়ীৰ দ্বাৰা অবাধ হাৰত খনন কৰি প্ৰাকৃতিক পাৰিপাৰ্শ্বিক পৰিবেশ ধংশ কাৰ্য চলি আহিছে। যাৰ বাবে যোৰাবাটৰ সাধাৰণ ৰাইজৰ লগতে যোৰাবাট শাখা ছাত্র সন্থা ক্ষোভিত হৈ পৰিছে। ছাত্র সন্থাৰ অভিযোগ অসাধু ব্যৱসায়ীয়ে বন বিষয়াক মেনেজ কৰি যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ সকলো পাহাৰত খনন কাৰ্য চলাই গৈছে। খনন হোৱা মাটি সমূহ চালান অবিহনে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই কৃষি ভূমি আৰু চিমেণ্ট উদ্যোগত পেলাই থকা হৈছে।

স্থানীয় ৰাইজে বিৰোধিতা কৰিলেও চৰকাৰক ৰাজহ ফাকি দি কৌটি কৌটি টকাৰ মাটিৰ ব্যৱসায় চলাই আহিছে। এজাক বৰষুণ দিলেই খনন কৰা মাটি সমুহ পানীৰ লগত নামি আহি পানী পৰিবাহী নলাসমূহ ভৰ্তি কৰি দিয়ে যাৰ ফলত উত্তৰ পূবৰ দুৱাৰমঙখ যোৰাবাটত এক ককাল পৰ্যন্ত বানপানী হয়। যাৰবাবে আজি যোৰাবাট শাখা ছাত্ৰ সন্থাই বিশ্ব পৰিবেশ দিৱসটিৰ লগত সংগতি ৰাখি অবৈধ পাহাৰ খনন স্থলীত গছপুলি ৰোপণ কৰাৰ লগতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তিত প্ৰতিবাদৰ শ্লোগান কিছুমান লিখি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles