Breaking

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ

0 2,362

নলবাৰী, ২৬ ডিচেম্বৰ : কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বল হোৱা হেতুকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে বিভিন্ন ধৰণে শত্ৰুৰ দেশক ৰক্ষা কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰাৰ উপৰিও সামাজিক কল্যাণ বাবে বিভিন্ন পদক্ষেপ হাতত লো ৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে কৰ’ণা মহামাৰীৰ সময়ৰ পৰা জিলাখনৰ বিভিন্ন গাওঁ ভূয়ে খাদ্য সামগ্ৰী, চেনেটাইজাৰ, হেণ্ড গ্লোবছ, হেণ্ড ওৱাছ, মাস্ক আদি বিতৰত কৰি আহিছে । সমান্তৰালভাৱে আজি ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনী য়ে নলবাৰী জিলাৰ ১০ খনকৈ বিদ্যালয়ত পানী ফিল্টাৰ আৰু মান পত্ৰ প্ৰদান কৰে । ফিল্টাৰ বিতৰণৰ পিছত ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ কামানডেন্ট পিচি চৌহানে প্ৰকাশ কৰে যে স্বচ্ছতা মানৱ জীৱনৰ এক প্ৰয়োজনীয় অংশ আৰু এই স্বচ্ছতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । যদিহে স্কুলত ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত স্বচ্ছ পানী সেৱন কৰিব নাপালে শাৰিৰীক ভাৱে বহুত কষ্ট ভুগিবলগীয়া হয় যাৰ কাৰণে দৈহিক বিকাশৰ লগতে পঢ়া শুনাত প্ৰভাৱ পৰে । এই উদ্দেশ্য ৰাখি আজি ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পি চি চৌহানৰ দ্বাৰা পানী ফিল্টাৰ বিতৰণ কৰা হয় । অনুষ্ঠানৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ থলুৱা নৃত্য পৰিবেশন কৰে । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত  কাশ্মিৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ পৰিয়ালক কামানডেন্ট পি চি চৌহান সহ চি আৰ পি এফ বাহিনীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

Leave A Reply