মদাৰখাত, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিৰে এখন বিশেষ সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশ লোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। জিলা সমিতিৰ সম্পাদক মনোজ মহনে আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য অতিথিৰ ভাষণত ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় ‘ অসমৰ সকলো বিষয়া, শিক্ষক-কৰ্মচাৰীৰ ঐক্যৱদ্ধ প্ৰচেষ্টাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই কাৰ্যক্ষেত্ৰত আগবাঢ়ি আহিছে। চৰকাৰী ব্যৱস্থাৰ ক্ষেত্ৰত ইতিমধ্যে বহু লাঞ্চনাৰ বাবে কৰ্মচাৰীসকল ভুক্তভোগী। চৰকাৰী শিক্ষক-বিষয়া-কৰ্মচাৰীৰ যি সেৱা তাৰ সফলতাবোৰ আন্ধাৰত ৰাখি এন পি এছৰ আওতালৈ আনি কৰ্মচাৰীক প্ৰবঞ্চনা কৰিছে চৰকাৰে।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি অৱসৰকালীন সময়ৰ এক বিড়ম্বনাহে বুলি কয়। সেয়েহে এই ব্যৱস্থাৰ পৰিবৰ্তে পুৰণি পেঞ্চন নীতিৰ আধাৰত পেঞ্চন প্ৰদান কৰিবলৈ আহ্বান জনায়। চৰকাৰক বিভিন্ন ধৰণেৰে, মাধ্যমেৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ ভয়াবহতাৰ সন্দৰ্ভত অৱগত কৰি ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ বাধ্য কৰাবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ মত প্ৰকাশ কৰে। ‘কৰ্মসংস্কৃতি বৰ্তাই ৰাখি দীঘলীয়া সংগ্ৰামৰে, ধৈৰ্য সহকাৰে আগুৱাই গৈ প্ৰাপ্য অধিকাৰ আঁজুৰি অনাত মানসিক প্ৰস্তুতি গঢ়ি তোলাত সকলো সাজু হওক।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি আৰু পুৰণি পেঞ্চন নীতিৰ বিস্তৃত বিশ্লেষণ কৰি সন্থাৰ কাৰ্যপন্থা আৰু ভৱিষ্যত কৰ্মসূচীৰ সন্দৰ্ভত বিতং ব্যাখ্যা কৰে। অহা জানুৱাৰীত গুৱাহাটীত গণ অভিবৰ্তন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি সফল কৰিবলৈ সকলো এন পি এছ কৰ্মচাৰীলৈ মুকলি আহ্বান জনায়। সংগ্ৰামখন তীব্ৰতৰ কৰাৰ পোষকতা কৰে। তেওঁ সাংগঠনিক দিশতো মন্তব্য আগবঢ়ায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰক আহ্বান জনোৱাৰ লগতে সন্থাৰ আন্দোলন পৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে অনাগত দিনত সবলভাৱে নিজৰ অধিকাৰৰ বাবে আগুৱাই আহি ন্যাৰ্য প্ৰাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ কথা কয়। লগতে কৰ্মচাৰীসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টি কটৰাত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ প্ৰতিনিধি জয়দ্বীপ মজুমদাৰ, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনৰ লগতে লাহোৱাল, চাবুৱা, টেঙাখাত, বৰবৰুৱা, নাহৰকটীয়া, মৰাণ আঞ্চলিক সমিতিৰ প্ৰতিনিধিবৰ্গৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই সভাত অংশ গ্ৰহণ কৰা সভাত শলাগৰ শৰাই আগবঢ়াই মৌচুমী দেউৰী ফুকনে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…
- হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…
- বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…