জটিল ৰোগত আক্রান্ত ৰাজ্যিক ফুটবল ৰেফাৰী,ক্ৰীড়াবিদ শান্তনু গগৈক আপোনাৰ সহায়ৰ প্ৰয়োজন

এসময়ত ফুটবলৰ পথাৰত দপদপাই থকা সুদক্ষ ফুটবল খেলুৱৈ তথা অসম ৰাজ্যিক ফুটবল ৰেফাৰী সন্থাৰ সদস্য শান্তনু গগৈ(৪৪) এক জটিল ৰোগত আক্ৰান্ত হোৱাৰ খবৰে পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষী সকলক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে৷ শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ বহুৱাবাৰী গাঁৱৰ নিবাসী শান্তনু গগৈ হঠাতে জটিল ৰোগত আক্ৰান্ত হৈ পৰাত শুভাকাংক্ষী লোকে চিকিৎসাৰ বাবে দান বৰঙনি সংগ্ৰহ কৰে৷ৰাইজে দুটা দিনত সামান্য অৰ্থ সংগহ কৰে সেইয়া এই ব্যয়বহুল চিকিৎসাৰ বাবে পৰ্যাপ্ত নহয়৷ ইফালে আজি চিকিৎসাৰ বাবে তাকে লৈ ডিব্ৰুগড়ৰ পৰা বিমানেৰে গগৈ মুম্বাইলৈ ৰাওনা হয়৷

উল্লেখ্য যে পৰিয়ালে গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাত চিকিৎসকে জটিল ৰোগ ধৰা পেলোৱাৰ লগতে তাৎক্ষণিকভাৱে উন্নত চিকিৎসা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ এসময়ৰ প্ৰতিভাশালী ফুটবলাৰ শান্তনু গগৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন যদিও এইক্ষেত্ৰত পৰিয়ালটি আৰ্থিক সংকটত পৰা বুলি জানিব পৰা গৈছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে আজি বহুৱাবাৰী শান্তনু গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে সকলো প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে ফোনেৰে শান্তনু গগৈৰ খবৰ লয় ৷আনহাতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ , স্হানীয় দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিৰণজিত বীৰেশ্বৰ দেউৰী , বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সদস্য দীপিকা কাকতি দুৱৰীকে ধৰি বহুকেইজন ৰাজনীতিকে শান্তনু গগৈৰ খবৰ লোৱাৰ লগতে প্ৰয়োজনীয় আৰ্থিক সহযোগিতা আগবঢ়ায়৷ ইফালে ইচ্ছুক লোকে টুটুমণি শইকীয়াৰ ৮৬৩৮০৪৪০৬৪ নম্বৰত যোগাযোগ কৰি আৰ্থিক সহযোগিতা আগবঢ়াব পাৰি৷ সদায়শয় ৰাইজে একালৰ সুদক্ষ ফুটবল খেলুৱৈ বৰ্তমান এগৰাকী আগশাৰীৰ ফুটবলৰ পৰিচালক শান্তনো গগৈক সহায়ৰ হাত আগবঢ়োৱা আহ্বান ৰাইজৰ।

Related Articles