বোকাখাত “বি- ডিভিজন” ফুটবলত কল্যাণপূৰ ফুটবল ক্লাৱ আৰু গেলেকী যুৱক সংঘৰ জয়…

মংগলবাৰে অনুষ্ঠিত হোৱা বোকাখাত “বি ডিভিজন” ফুটবলৰ প্ৰথমখন খেল অনুষ্ঠিত হয় গেলেকি যুৱক সংঘ আৰু ভূলুকাগুৰি ফুটবল ক্লাবৰ মাজত৷ উক্ত খেলত গেলেকি যুৱক সংঘয়ে ভূলুকাগুৰি ফুটবল ক্লাবক ৩-০ গ’লত পৰাজিত কৰে। গেলেকি যুৱক সংঘৰ হৈ খৈয়া তেৰাঙে এটা আৰু হলীৰাম কিলিঙে দুটা গ’ল কৰে। ইয়াৰ সমান্তৰালভাৱে দ্বিতীয়খন খেল অনুষ্ঠিত হয় কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ মাজত। উক্ত খেলত কল্যাণপূৰ ফুটবল ক্লাবে বোকাখাত ৰয়েল ষ্টাৰ ফুটবল ক্লাবক টাইব্ৰেকাৰ জৰিয়তে ৩-২ গ’লত পৰাজিত কৰে। কল্যাণপূৰ ক্লাবৰ হৈ ৰাকেশ শইকীয়া, ৰৌচন বাৰলা আৰু পুস্কৰ মিশ্ৰাই একোটাকৈ গ’ল কৰাৰ বিপৰীতে ৰয়েল ষ্টাৰ ফুটবল ক্লাবৰ হৈ পৰচূণ বৰা, মালং তিৰিয়ে একোটাকৈ গ’ল কৰে।

মংগলবাৰে অনুষ্ঠিত হোৱো দুয়োখন খেল পৰিচলনা কৰে ক্ৰমে- মানস জ্যোতি শইকীয়া, ধীৰেন দলে, দ্বীপৰাজ চেত্ৰী,কলিয়া মাৰদীয়ে। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা “বি ডিভিজন” ফুটবল খেলতখন উপস্থিত থাকে অসম ক্ৰীড়া বৰ্ডৰ অধ্যক্ষ আকাশ ফুকন, জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক প্ৰাঞ্জল গগৈ আৰু প্ৰতিযোগিতাৰ মেচ কমিছনাৰ দ্বীপেন শইকীয়াৰ লগতে ক্ৰীড়া প্ৰেমী ধন হাজৰিকা। ১৮ জুনৰ খেল- নুমালিগড় চাহ বাগিছা ক্লাব বনাম ৰঙামাটি চাহ বাগিছা ক্লাব আৰু দ্বিতীয় খন খেল অনুষ্ঠিত হ’ব ডলামৰা ফুটবল ক্লাব বনাম সম্পৰি ইউৎ ক্লাবৰ মাজত।

Related Articles