উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা ৰত্নপুৰ বঁটা প্ৰথম বাৰৰ বাবে মৰণোত্তৰ ভাবে প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক প্ৰদান কৰা হয় । পিতৃৰ হৈ এই বঁটা গ্ৰহণ কৰে তেখতৰ পুত্ৰ শংকৰজ্যোতি বৰুৱাই । উক্ত বঁটাত আছে এখন সম্বৰ্ধনা পত্ৰ, গামোছা, চেলেং, সঁফুৰা । আজি সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ষষ্ঠ দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাত উক্ত বঁটা প্ৰদান কৰা হয় । সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে প্ৰাঞ্জল ৰাজখোৱাই । সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই উদ্ধোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজু চুতীয়াই । নিৰ্দিষ্ট বক্তা গৰাকীয়ে চুতীয়া জাতিক জনজাতি হিচাপে স্বীকৃতি প্ৰদান নকৰাত চৰকাৰক কঠোৰ ভাবে সকিয়নী দি প্ৰয়োজনত জংগী আন্দোলন কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে । সভাত সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসমৰ সম্পাদিকা অৰ্পনা চুতীয়াই মুখ্য অতিথিৰ ভাষণত চুতীয়া জাতিৰ মহিলা সকলক চুতীয়া জাতিৰ পোছাক পৰিধান কৰাৰ লগতে জাতিটোৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায় । সভাত মাজুলী জিলা চুতীয়া জাতি সন্মিলনিৰ সভাপতি দিগেন সেনাপতি, প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ খনিকৰে চুতীয়া সকলক ৰাজ্য চৰকাৰে কৰা বঞ্চনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে । আজিৰ প্ৰতিনিধি সভাতেই পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে মন্টু বৰাক সভাপতি, অৰুণ শইকীয়া, মৃত্যুঞ্জয় খনিকৰক উপ-সভাপতি, কাৰ্যকৰী সভাপতি অচ্যুত বৰা, অংকুৰ চুতীয়াক সাধাৰণ সম্পাদক, অন্যহাতে ৰূপজ্যোতি বৰা, প্ৰনব বৰা, দাদু বৰাক কেন্দ্ৰীয় সদস্য হিচাপে মনোনীত কৰি পোন্ধৰ জনীয়া মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থা গঠন কৰা হয় । ইফালে উক্ত সভাতেই সৰজু বৰাক সভানেত্ৰী, বন্তি সেনাপতিক সম্পাদিকা হিচাপে লৈ একৈশ জনীয়া মাজুলী জিলা চুতীয়া জাতি মহিলা সন্মিলনখন গঠন কৰা হয় । ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাই, গছপুলি ৰোপণ কৰে বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা সেনাপতিয়ে আৰু স্মৃতি তৰ্পণ কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক অংকুৰ চুতীয়াই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…
- মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…
- ধূমপান এৰিলেই নহ’ব! হাওঁফাওঁৰ বাবে খাব লাগিব এই ৭টা খাদ্য…
- দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…
- জামুগুৰিহাটৰ চকীঘাটৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত এজন…
- চীন-পাকিস্তানক প্ৰত্যাহ্বানঃ নৌসেনাৰ শক্তি বৃদ্ধি কৰি ভাৰতে পৰীক্ষণ কৰিলে এণ্টি-ছাবমেৰিন মিছাইল প্ৰণালী…