চৰাইদেউ, ২৭ ডিচেম্বৰ: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন খনি চৰাইদেউ জিলাৰ সোনাৰিত ২৬ আৰু ২৭ ডিচেম্বৰত আপকুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সোনাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্নাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ প্ৰতিনিধি সভা উদ্বোধন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, সম্পাদক প্ৰধান হেমন্ত শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি আব্দুল খালেক প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় পাচ শতাধিক বিশিষ্ট সাংবাদিক উপস্থিত থাকে ৷ আনহাতে উক্ত প্ৰতিনিধি সভাত সাংবাদিক শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে আপকু কেন্দ্ৰীয় সমিতিয়ে। বিষয় বাচনি সভাত দৰং জিলাৰ আব্দুল খালেক সভাপতি আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাকলৈ আপকুৰ সবল নেতৃত্ব দিব পৰা এখন নতুন সমিতি গঠন হয় ৷ আগন্তুক দিনত আপকুই সাংবাদিক সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে সাংবাদিক সকলৰ সুৰক্ষা আৰু অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি আব্দুল খালেক আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…