মহিলা বেংক মেনেজাৰক ভিডিঅ’ কল! চাইবাৰ অপৰাধীয়ে লুটিলে ১৭ লাখ টকা…

জয়পুৰত এগৰাকী মহিলা বেংক মেনেজাৰক পাঁচঘণ্টা ধৰি ভিডিঅ’ কলত ব্যস্ত ৰাখি ১৭ লাখ টকা প্ৰতাৰণা কৰা বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।ফোন কৰোতাই মহিলাগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ আধাৰকাৰ্ডৰ পৰা তেওঁৰ নামত জাৰি কৰা এখন ছিমকাৰ্ড অবৈধ কাৰ্যকলাপ চলাবলৈ ব্যৱহাৰ কৰা হৈছে।ইয়াৰ পিচত মুম্বাই আৰক্ষীৰ বিষয়া হিচাপে নিজকে পৰিচয় দি আন এজন দুৰ্বৃত্তই তেওঁৰ সৈতে ভিডিঅ’ কলত কথা পাতে।এই সন্দৰ্ভত বৰ্তমান জয়পুৰ আৰক্ষী আয়ুক্তালয়ৰ চাইবাৰ অপৰাধ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

চাইবাৰ অপৰাধ কেন্দ্ৰৰ বিষয়া চন্দ্ৰ প্ৰকাশে জনোৱা মতে, ভুক্তভোগী মহিলা বেংক মেনেজাৰগৰাকীয়ে আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে।তেওঁ গোচৰত উল্লেখ কৰে যে ২০ জুনৰ পুৱা তেওঁৰ মোবাইললৈ এটা ফোন আহে।ফোন কৰোতা জনে নিজকে ভাৰতীয় টেলিকমনিয়ামক কৰ্তৃপক্ষৰ এগৰাকী প্ৰতিনিধি হিচাপে পৰিচয় দিকয় যে মহাৰাষ্ট্ৰত তেওঁৰ আধাৰকাৰ্ডৰ পৰা জাৰি কৰা এখন ছিমকাৰ্ড অবৈধ কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছে।কিন্তু এই সন্দৰ্ভত ভুক্তভোগীৰ ওচৰত কোনো তথ্য নাই বুলি বিষয়টো অস্বীকাৰ কৰাত ফোন কৰোতা জনে মুম্বাই আৰক্ষী বিষয়াৰ সৈতে তেওঁক কথা পতাই দিব বুলি কৈ কলটো বিচ্ছিন্ন কৰে।ইয়াৰপিচত ভুক্তভোগীয়ে আন এটা কল লাভ কৰে।কলটোত ফোন কৰোতা জনে নিজকে বিনয় খান্না বুলি পৰিচয় দিয়ে।কিন্তু তেওঁ কলটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াত লগে লগে পুনৰ আন এটা নম্বৰৰ পৰা ফোন কল লাভ কৰে আৰু স্কাইপছফ্টৱেৰ ইনষ্টল কৰাই ভিডিঅ’ কলত কথা পাতে।

তাৰ পিচত কল কৰোতাই ৰিজাৰ্ভ বেংকৰ ভেৰিফিকেচনৰ নামত ভুক্তভোগীক তেওঁৰ একাউণ্টলৈ ২০ লাখ টকা ট্ৰেন্সফাৰ কৰিবল কয়।কিন্তু কল কৰা দুষ্ট চাইবাৰ প্ৰৱঞ্চকৰ কথাত পতিয়ন গৈ ভুক্তভোগীয়ে তেওঁৰ স্থায়ী জমা ভাঙি তেওঁৰ বেংক একাউণ্টলৈ ১৭ লাখ টকা ট্ৰেন্সফাৰ কৰে।

Related Articles