আগন্তুক বিধানসভা নিৰ্বাচন এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰ্বাচনী কুজ কাৱাজ আৰম্ভ হৈছে। থাওৰাত বিজেপি দলে ইতিমধ্যে বিধায়ক কুশল দুৱৰীৰ নেতৃত্বত নিৰ্বাচনী কামকাজ ক্ষীপ্ৰ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া । আজি থাওৰা কংগ্ৰেছৰ নজন নেতাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। থাওৰা সমষ্টিৰ বিজেপি দলৰ বকতাস্থিত মুখ্য কাৰ্য্যালয়ত পালেঙীৰ জেষ্ঠ্য কংগ্ৰেছ নেতা দেবেন ফুকন, অবিচি কোষৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক বিকাশ গগৈ, প্ৰাক্তন কাউন্সিলাৰ বসন্ত গোহাঁই, ৰাজু গোৱালা, পালেঙী মণ্ডল কংগ্ৰেছৰ নেতা যাদৱ চন্দ্ৰ গগৈ, জিতু কোঁৱৰ, প্ৰদীপ দুৱৰা, ইন্দ্ৰজিৎ গগৈ, অনিপ মেচে বিজেপিত যোগদান কৰে। সকলোকে বিধায়ক কুশল দুৱৰীয়ে দললৈ আদৰণি জনায় আৰু সমষ্টিৰ উন্নয়নত আগভাগ ল’বলৈ আহ্বান জনায়। পাৰিজাত গাওঁ পঞ্চায়তৰ সভাপতি নৱৰঞ্জন মহনে আঁতধৰা সভাত বিজেপি বকতা মণ্ডলৰ সভাপতি, অমিয় কোঁৱৰ, নিতাই পানীদিহিং মণ্ডলৰ সভাপতি নবীন গগৈকে ধৰি ভালেসংখ্যক বিজেপি দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…