পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত খলকনি তুলিবলৈ সাজু অসম কন্যা লাভলীনা বৰগোহাঁই। গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়াৰ নিজ গৃহৰ পৰা সুদূৰ পেৰিছত থকা কন্যা লাভলীনাক শুভেচ্ছা জনালে পিতৃ টিকেন বৰগোহাঁইয়ে। দ্বিতীয় বাৰৰ বাবে অলিম্পিকত ভাগ ল’ব লাভলীনাই। ৩১ জুলাই বুধবাৰে পেৰিছ অলিম্পিকত ৭৫ কেজি শাখাত নৰৱে’ৰ চুন্নিভা হভষ্টাডৰ বিৰুদ্ধে প্ৰথম খন মেচ খেলিব লাভলীনাই।

বৰপথাৰতো উৎকণ্ঠাৰ অন্ত নাই। যিমানেই সময় ওচৰ চাপি আহিছে সিমানেই বুজাব নোৱাৰা শিহৰণে আলোড়িত কৰিছে সকলোকে। হেপাহেৰ বাট চাই আছে প্ৰিয় খেলুৱৈ গৰাকীৰ খেল চাবলৈ।পিতৃ-মাতৃৰ লগতে অজস্ৰ জনে লাভলীনালৈ জনাইছে শুভেচ্ছা।সকলোৱে আশাবাদী লাভলীনাক লৈ।

