মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ অহা ৮জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গুৰুচৰণ মেধি ভৱন মৰিগাঁও শাখা সাহিত্য সভা কাৰ্যালয় প্ৰাংগনত উদযাপন কৰা হ’ব। গৰিমামণ্ডিত মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানটোৰ ৮ জানুৱাৰীত পুৱা ৮:৫৫ বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাই পতাকা উত্তোলন কৰাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক, শাখাৰ আজীৱন সভ্য আৰু বিশিষ্ট সমাজকৰ্মী সকলেও ৪৯খন পতাকা উত্তোলনৰে সোণালী জয়ন্তী অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰিব। পুৱা ৯:১৫বজাত স্মৃতি তৰ্পণ কৰিব অসম সাহিত্য সভাৰ আজীৱন সভ্য মোহন চন্দ্ৰ বৰদলৈয়ে। পুৱা ১০:৩০ বজাৰ পৰা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া শাখাৰ ন-পুৰণি সতীৰ্থ সন্মিলন উদ্বোধন কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনেশ্বৰ দেউৰীয়ে। দিনৰ ২বজাৰ পৰা মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী চন্দ্ৰলেখা গোহাঁই লাহনে। সন্ধিয়া ৫বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদিকা পৰমেশ্বৰী ডেকা আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য বিউটী দাস ডেকাই বন্তি প্ৰজ্বলনৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি ঘটাব। ৯ জানুৱাৰীত সোণালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচীত পুৱা ১০বজাৰ পৰা বিশিষ্ট কবি পোনা দেৱী মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য মহেন্দ্ৰ নাথ হাজৰিকাই। উক্ত কবি সন্মিলন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ পৰাশৰে। বিয়লি ভাগত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাই। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজিত শৰ্মাৰ সম্পাদনাত শাখাটোৱে এক সুদীৰ্ঘ যাত্ৰাৰে পঞ্চাশ বছৰ অতিক্ৰম কৰা এক বৰ্ণিল ইতিহাস সম্বলিত স্মৃতি গ্ৰন্থ মুকলি সভাত উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই।উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওঁট, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নৱকান্ত বৰদলৈয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অশোক ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক সকলে অংশ গ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগত বিশিষ্ট কবি পুষ্পলতা বুঢ়াগোহাঁই আৰু মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বানেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলনৰে ইতিহাস গৰকা গৰিমামণ্ডিত শাখাটোৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি ঘটাব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

