ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কম্পেনিয়ান অফ দা অৰ্ডাৰ’ৰে সন্মানিত…

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আজি ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কম্পেনিয়ান অফ দা অৰ্ডাৰ’ৰে সন্মানিত কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি উইলিয়াম কাটোনিভেৰে মুৰ্মুক এই সন্মান প্ৰদান কৰে। আনহাতে ইয়াৰ পূৰ্বে তেওঁ ফিজিৰ ৰাজধানী ছুভাত ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতে এখন সভাত মিলিত হয়।

সভাত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ফিজিত তেওঁৰ নিজৰ দেশত থকা যেনেই অনুভৱ হৈছে তথা সেই দেশত থকা ভাৰতীয় মূলৰ লোকসকলে নিজৰ সংস্কৃতি আৰু মূল্যবোধক অক্ষত ৰখাত যথেষ্ঠ আনন্দিত হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ফিজিত উপস্থিত হৈছিল।

Related Articles